গোৱালপাৰাত ১,৫০০ বিঘা মাটি অবন্টনৰ বিষয়ত সাংসদ ৰকিবুল হুছেইন আৰু বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ গুৰুতৰ অভিযোগ
ধুবুৰী, ২১ আগষ্ট (হি.স.)। গোলকগঞ্জত বিজেপি কৰ্মীৰ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান। কংগ্ৰেছ দলত যোগদান মনজিৎ সৰকাৰ, সুভাশ ৰায় আৰু জয়নাল হক। গোৱালপাৰাত ডেৰ হেজাৰ বিঘা মাটি আদানীক দিয়াৰ যো-জা চলাইছে। ১ টকাত আদানিক মাটি প্ৰদান কৰি আহিছে হিমন্ত বিশ
গোৱালপাৰাত ১,৫০০ বিঘা মাটি অবন্টনৰ বিষয়ত সাংসদ ৰকিবুল হুছেইন আৰু বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ গুৰুতৰ অভিযোগ


ধুবুৰী, ২১ আগষ্ট (হি.স.)।

গোলকগঞ্জত বিজেপি কৰ্মীৰ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান। কংগ্ৰেছ দলত যোগদান মনজিৎ সৰকাৰ, সুভাশ ৰায় আৰু জয়নাল হক।

গোৱালপাৰাত ডেৰ হেজাৰ বিঘা মাটি আদানীক দিয়াৰ যো-জা চলাইছে।

১ টকাত আদানিক মাটি প্ৰদান কৰি আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ধুবুৰীৰ গৌৰীপুৰত সাংসদ ৰকিবুল হুছেইন আৰু বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী এক সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য় কৰে।

গোৱালপাৰাত ১,৫০০ বিঘা মাটি অবন্টনক বিষয়ত সংবাদমেলত গুৰুতৰ অভিযোগ।

এই সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰি জিলা খনৰ মাটি আবন্টন প্ৰক্ৰিয়াত ব্যাপক অনিয়ম আৰু নিয়ম-নীতি উলংঘনৰ অভিযোগ উত্থাপন কৰা হৈছে।

মাটি অবন্টনৰ বাবে কোনো পূৰ্বনিৰ্ধাৰিত এজেণ্ডা বা প্ৰস্তাৱৰ বিষয়ে লেণ্ড এডভাইজৰী কমিটীৰ সদস্য সকলক জনোৱা হোৱা নাছিল।

গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাৰ প্ৰক্ৰিয়াক নিয়ম মাফিক কৰিবলৈ খৰধৰকৈ মাত্ৰ কাগজ এটুকুৰাত প্ৰস্তাৱসমূহ তুলি ধৰা হৈছে।

মুখ্যমন্ত্ৰী আৰু জিলা প্ৰশাসনৰ ওপৰৰ পৰা হেঁচা থকাৰ বাবেই এইদৰে আইন পৰিপন্থী পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এনে অনিয়মৰ বিৰুদ্ধে জিলা আয়ুক্তলৈ লিখিত ভাৱে আপত্তি দৰ্শাই আইনী সুৰুঙা আৰু অনিয়ম সমূহ শুধৰাই নতুনকৈ সভা অনুষ্ঠিত কৰিবলৈ দাবী জনোৱা হৈছে বুলি মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে।

শেহতীয়াকৈ মেঘালয় আৰু অসমৰ মাজত সৃষ্টি হোৱা পৰিস্থিতিৰ ওপৰত সংবাদমেলত সাংসদ গৰাকীয়ে চৰকাৰক সমালোচনা কৰি কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়ক (নেডা) হিচাপে মুখ্যমন্ত্ৰীয়ে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰাত ব্যৰ্থ হৈছে।

সীমান্তৱৰ্তী অঞ্চল আৰু ওচৰ-পাজৰৰ ৰাজ্য যেনে মেঘালয় আৰু অৰুণাচল প্ৰদেশত সৃষ্টি হোৱা সমস্যাবোৰ সমাধান কৰাত চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। সীমান্তত বসবাস কৰা অসমৰ জনগণ আৰু ভূমিৰ সুৰক্ষা নিশ্চিত কৰাত চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে।

ইফালে, সংবাদমেলত উপস্থিত থকা বিৰোধী দলৰ উপ-নেতা ৱাজেদ আলী চৌধুৰীয়ে কয় যে, চৰকাৰে আদানীৰ দৰে উদ্যোগপতি সকলক সন্তুষ্ট কৰিবলৈহে কাম কৰি আছে। গোৱালপাৰা আৰু অন্যান্য স্থানত আদানীক মাটি প্ৰদানৰ নামত সাধাৰণ ৰাইজক উচ্ছেদ কৰি হাৰাশাস্তি কৰা হৈছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande