ভূমি পট্টা কৰি দিয়াৰ প্ৰলোভন দেখুৱাই ভুৱা লাট মণ্ডলৰ ব্যাপকহাৰত ধন সংগ্ৰহ
ভূমি পট্টা কৰি দিয়াৰ প্ৰলোভন দেখুৱাই ভুৱা লাট মণ্ডলে ব্যাপকহাৰত সংগ্ৰহ কৰিছে ধন।
ভূমি পট্টা কৰি দিয়াৰ প্ৰলোভন দেখুৱাই ভুৱা লাট মণ্ডলৰ ব্যাপকহাৰত ধন সংগ্ৰহ


বৰপেটা, ২১ আগষ্ট (হি.স.): ভূমি পট্টা কৰি দিয়াৰ প্ৰলোভন দেখুৱাই ভুৱা লাট মণ্ডলে ব্যাপকহাৰত সংগ্ৰহ কৰিছে ধন। এই ঘটনা সংঘটিত হৈছে কামৰূপৰ মন্দিৰা এন চি গাঁৱত। নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিৰা এন চি গাঁৱৰ কেইবাশ লোকে ভূমি পট্টা বিচাৰি অনলাইন যোগে আবেদন কৰিছে যদিও আবেদন কৰা লোকসকলৰ ফোনত যোগাযোগ কৰি নিজকে লাট মণ্ডল বুলি পৰিচয় দি পট্টাৰ কাম কৰি দিয়াৰ নামত বহু লোকৰপৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে।

নিজকে লাট মণ্ডল অতুল বৰা বুলি পৰিচয় দি ৮১৩৪৮১০৭১০ নম্বৰৰপৰা ইতিমধ্যে অধিকাংশ আবেদনকাৰীক ফোন কৰি পট্টা কৰি দিয়াৰ প্ৰলোভন দি সংগ্ৰহ কৰিছে ধন। ঘটনাৰ বিষয়ে তথ্য প্ৰমাণসহ ভূক্তভোগী লোকে মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰোৱাৰ পিছতো বিষয়টোত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। উপায়ন্তৰ হৈ একাংশ লোকে চাইবাৰ চেল (Cyber Cell) ৰ উপৰিও নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ ওচৰত লিখিত অভিযোগো দাখিল কৰিছে । ভুৱা লাট মণ্ডল আৰু দালাল চক্ৰৰ বিৰুদ্ধে সম্প্ৰতি অতিষ্ট হৈ পৰিছে অঞ্চলবাসী। অপৰাধী চক্ৰটোক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ দাবীত একাংশ ভূক্তভোগী লোকে প্ৰতিবাদ সাব্যস্ত কৰে। শীঘ্ৰে বিষয়টো গুৰুত্বসহকাৰে লৈ চক্ৰটোক উৎখাত কৰিবলৈ কামৰূপৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক দাবী জনাইছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande