
–বিদ্যালয়লৈ নোযোৱা প্ৰতিগৰাকী শিশুক শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ লক্ষ্য
গুৱাহাটী, ২১ আগষ্ট (হি.স.)। অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত ‘শিক্ষা যাত্ৰা: প্ৰত্যাহ্বানৰ পৰা প্ৰত্যাশালৈ’ শীৰ্ষক এক বিশেষ পদক্ষেপৰ শুভাৰম্ভ কৰে
২০২৬-২৭ বিত্তীয় বৰ্ষত বিদ্যালয় বহিৰ্ভূত শিশু চিনাক্ত কৰি তেওঁলোকক বিদ্যালয়ত নামভৰ্তি কৰোৱা আৰু পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য।
এই উপলক্ষে ভাষণ প্ৰদান কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে, ৰাজ্যৰ কোনো শিশুৱেই যাতে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নহয়, সেয়া নিশ্চিত কৰাটো অসম চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। বিদ্যালয়ৰ পৰা আঁতৰি যোৱা বা দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থকা শিশুসকলক সময়মতে চিনাক্ত কৰি উপযুক্ত শিক্ষাৰ সুযোগ প্ৰদান কৰাৰ ক্ষেত্ৰত এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
এই পদক্ষেপৰ অধীনত সমগ্ৰ শিক্ষা, অসমৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে বিদ্যালয় ত্যাগ কৰা আৰু দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থকা শিশুসকলক চিনাক্ত কৰিব। শিশুসকলৰ প্ৰয়োজন অনুসৰি তেওঁলোকক আৱাসিক আৰু অনাৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ তথা মুক্ত বিদ্যালয় ব্যৱস্থাৰ জৰিয়তে পুনৰ শিক্ষাৰ সৈতে সংযুক্ত কৰাৰ ব্যৱস্থা কৰা হ’ব।
বিদ্যালয় বহিৰ্ভূত শিশুসকলক চিনাক্ত কৰাৰ উদ্দেশ্যে ৰাজ্যজুৰি ২০ আগষ্টৰ পৰা ২৩ ছেপ্টেম্বৰলৈ বিশেষ জৰীপ অভিযান চলোৱা হ’ব। এই অভিযানত ২,৮৬২গৰাকী বিশেষভাৱে প্ৰশিক্ষিত কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব।
আজিৰ অনুষ্ঠানত শিক্ষা মন্ত্ৰীগৰাকীয়ে ‘শিক্ষা যাত্ৰা’ৰ প্ৰাসংগিকতা ব্যাখ্যা কৰি বিদ্যালয় আৰু উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰৰ জীৱনযাত্ৰাৰ উদাহৰণ দাঙি ধৰে। মৰিগাঁৱৰ এক দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা কোঁৱৰে সৰুতেই পিতৃক হেৰুৱাই আৰ্থিক সংকটৰ সন্মুখীন হৈছিল আৰু নৱম শ্ৰেণীতে বিদ্যালয় এৰিবলগীয়া হৈছিল। কিন্তু তেওঁৰ প্ৰধান শিক্ষকৰ সময়োচিত হস্তক্ষেপত তেওঁ পুনৰ বিদ্যালয়লৈ ঘূৰি আহে। পৰৱৰ্তী সময়ত বহু প্ৰত্যাহ্বান অতিক্ৰম কৰি তেওঁ ২০১০ চনৰ ইউ পি এচ চি পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ১১৯ নম্বৰ স্থান লাভ কৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে প্ৰতিষ্ঠিত হয়।
ডাঃ পেগুৱে কয়, “ নাৰায়ণ কোঁৱৰৰ জীৱনগাথাই আমাক সোঁৱৰাই দিয়ে—এজন শিশুৰ আজিৰ প্ৰতিকূলতাই কেতিয়াও তেওঁৰ ভৱিষ্যৎ নিৰ্ধাৰণ নকৰে। সময়মতে সহায়, সুযোগ আৰু সঠিক দিকনিৰ্দেশনা পালেই প্ৰতিগৰাকী শিশুৱে নিজৰ আকাংক্ষাক বাস্তৱ ৰূপ দিব পাৰে।”
তেওঁ লগতে কয় যে ‘শিক্ষা যাত্ৰা’ কেৱল বিদ্যালয়ত নামভৰ্তিৰ এক অভিযান নহয়; ই প্ৰতিগৰাকী শিশুক বিচাৰি উলিয়াই, তেওঁলোকৰ প্ৰয়োজন অনুসৰি সহায় আগবঢ়াই আৰু শিক্ষাৰ অধিকাৰ নিশ্চিত কৰাৰ এক সামূহিক প্ৰয়াস।
“আমাৰ সংকল্প স্পষ্ট— কোনো শিশুৱেই যাতে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নহয় আৰু কোনো শিশুৱেই যাতে পিছপৰি নৰয়,” শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়।
অনুষ্ঠানত শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ, সমগ্ৰ শিক্ষাৰ পৰিচালন সঞ্চালক আয়ুষ গাৰ্গকে আদি কৰি কেইবাগৰাকী জেষ্ঠ বিষয়া উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী