
গুৱাহাটী, ২১ আগষ্ট(হি.স.)। গুৱাহাটী মহানগৰীত পুনৰ ভূমিস্খলনৰ ঘটনা। গান্ধী মণ্ডপলৈ যোৱা পথত খহি পৰিছে পাহাৰৰ মাটি। ফলত পথটোৰে ব্যাহত হৈ পৰিছে যাতায়াত দক্ষিণ শৰণীয়া পাহাৰত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা।
ফলত পথটোৰে ব্যাহত হৈ পৰিছে যাতায়াত।বাঁহগছৰ লগতে পথটোত খহি পৰে পাহাৰৰ মাটি। বাগৰি পৰিছে গছ-গছনি। বিচ্ছিন্ন হৈ পৰিছে গান্ধী মণ্ডপৰ বিদ্যুৎ সংযোগ।
দুচকীয়া বাহন যাব পৰাকৈ স্থানীয় লোকসকলে মুকলি কৰিছে পথটো।ভূমিস্খলনপ্ৰৱণ অঞ্চল হিচাপে চিনাক্ত কৰিছিল এই স্থানক।দুৰ্যোগ প্ৰশমন বিভাগে ভূমিস্খলনপ্ৰৱণ অঞ্চল হিচাপে চিনাক্ত কৰিছিল এই স্থানক।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ