
বৰপেটা, ২১আগষ্ট (হি.স.)। কলগাছিয়াত চি পি আই এমৰ বিক্ষোভ কাৰ্যসূচী। উজনি অসমৰ বানাক্ৰান্ত সকলক ক্ষতিপূৰণৰ দাবীত আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ। বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে কলগাছিয়াৰ আকাশ বতাহ।
ভাৰতীয় মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ কলগাছিয়া, ৰূপসী আৰু তিতাপানী লোকেল কমিটিৰ যৌথ উদ্যোগত আজি কলগাছিয়াত সাব্যস্ত কৰে বিক্ষোভ কাৰ্যসূচী। চি পি আই এমৰ পক্ষৰ পৰা সমগ্ৰ অসম ব্যাপি চলি থকা বিক্ষোভ কাৰ্যসূচীৰ অংশ স্বৰূপে কলগাছিয়াত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰায় শতাধিক দলীয় কৰ্মী সমৰ্থক সকলে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ কলগাছিয়া চাৰিআলি চকৰ পৰা সমদল উলিয়াই কলগাছিয়া ৰাজহ চক্ৰত উপস্থিত হয়।
তেওঁলোকে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে আকাশ বতাহ। অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বানাক্ৰান্ত সকলক দহ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া, বানপানীৰ উৎস উদ্ঘাটন কৰা আদি কেইবাটাও দাবীৰ ভিত্তিত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। দাবী পূৰণ নহ'লে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলিও চৰকাৰক সকীয়াই দিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু