কামপুৰৰ গোসাঁইগাৱঁত পথৰ দুৰৱস্থা
নগাঁও, ২১ আগষ্ট (হি.স.)। কামপুৰৰ গোসাঁইগাৱঁত পথৰ দুৰৱস্থা । কামপুৰৰ গোসাঁইগাৱঁত পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে কপিলীপৰীয়া ৰাইজক । ২০২২ বৰ্ষৰ দুটাকৈ প্ৰলয়ংকাৰী বানে ভাঙি নিয়া গোসাঁইগাৱঁৰ পথচোৱা আজিও নহ''ল নিৰ্মাণ । প্ৰলয়ংকাৰী বানৰ পাছত মাটি, ৰাবিছ প
কামপুৰৰ গোসাঁইগাৱঁত পথৰ দুৰৱস্থা


নগাঁও, ২১ আগষ্ট (হি.স.)। কামপুৰৰ গোসাঁইগাৱঁত পথৰ দুৰৱস্থা ।

কামপুৰৰ গোসাঁইগাৱঁত পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে কপিলীপৰীয়া ৰাইজক । ২০২২ বৰ্ষৰ দুটাকৈ প্ৰলয়ংকাৰী বানে ভাঙি নিয়া গোসাঁইগাৱঁৰ পথচোৱা আজিও নহ'ল নিৰ্মাণ । প্ৰলয়ংকাৰী বানৰ পাছত মাটি, ৰাবিছ পেলাই দায়িত্ব সামৰা সংশ্লিষ্ট বিভাগে আজিলৈকে পথটো পকীকৰণ নকৰিলে ।

এতিয়া বাৰিষাৰ সময়ত পথটোৰ দুয়োপাৰে মাটি পেলাই দিয়াত যাতায়তত সৃষ্টি হৈছে তীব্ৰ সমস্যাৰ । এজাক বৰষুণ দিলেই বোকাময় হৈ পৰা পথটোৰে যাতায়ত কৰিব নোৱাৰে পথচাৰীয়ে । স্কুলীয়া ছাত্র-ছাত্ৰীয়ে পথটোৰ দুৰৱস্থাৰ বাবে ঘূৰি যাবলগা হৈছে ঘৰলৈ । অতি শীঘ্ৰে পথটো নিৰ্মাণৰ দাবী জনাইছে ৰাইজে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande