

যোৰাবাট, ২১ আগষ্ট (হি.স.)। যোৰাবাটত অব্যাহত আছে উত্তেজনা।
অসম–মেঘালয় সীমান্তৰ পৰিস্থিতিক কেন্দ্ৰ কৰি বৃদ্ধি পাইছে উত্তেজনা। মেঘালয়ত পুনৰ অসমৰ এখন ট্ৰাকত আক্ৰমণৰ অভিযোগ। শিলচৰৰ পৰা মেঘালয় অভিমুখে গৈ থকা সময়তে ট্ৰাকখনত আক্ৰমণৰ অভিযোগ উঠিছে।
ইফালে, যোৰাবাটত চালক সন্থাৰ প্ৰতিবাদ অব্যাহত। অসমৰ পৰা মেঘালয় অভিমুখে যোৱা বাণিজ্যিক বাহনসমূহ উভতাই পঠিওৱা হৈছে। ফলত যোৰাবাটৰ পৰা শ্বিলং অভিমুখী পথত আবদ্ধ হৈ পৰিছে শ-শ বাহন। অৰ্থনৈতিক অৱৰোধ কৰে অসমৰ একাংশ চালকে। প্ৰতিবাদৰ মাজতো ভাড়া চলাই থকা বাহনৰ চালকক জবাবদিহি কৰিছে প্ৰতিবাদকাৰী চালকসকলে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যোৰাবাটত আৰক্ষী মোতায়েন কৰা হৈছে। আৰক্ষীয়ে এজন লোকক আটক কৰাৰ লগতে এখন বাহন জব্দ কৰিছে।
ইফালে, প্ৰতিবাদৰ মাজতে যোৰাবাটত সংঘটিত হৈছে দুৰ্ঘটনা। কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ। আনহাতে, মেঘালয়ৰ পঞ্জীয়ন থকা এখন বাহনৰ চালকে প্ৰতিবাদকাৰীক অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰে পৰিস্থিতি। ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে বাহনখনৰ সন্মুখৰ গ্লাছ ভাঙি পেলায়। ইফালে, মেঘালয়ৰ একাংশ লোকৰ বিৰুদ্ধে অসমৰ পৰ্যটকক অপমান কৰাৰ অভিযোগক লৈ বীৰ লাচিত সেনাৰ বিষয়ববীয়াইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইফালে সমগ্ৰ অঞ্চলজুৰি আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা মোতায়ন কৰিছে আৰু সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar