
গোলাঘাট, ২১ আগষ্ট (হি.স.)। বোকাখাতত বগা হাতীত পৰিণত জল জীৱন মিছন আঁচনি। বোকাখাত সমষ্টিৰ নতুন খতীয়াখলি অঞ্চলৰ জল জীৱন আঁচনি এখন নামতহে। জল জীৱন আঁচনি খন বাস্তৱত ৰূপায়িত হোৱা নায়। অঞ্চলটোৰ ৰাইজে নাপায় বিশুদ্ধ খোৱাপানী। কুৰুৱাবাহীৰ উক্ত অঞ্চলটোত ধৰা পৰিছে আৰ্চেনিক যুক্ত পানীৰ উৎস।
তাৰ প্ৰতি লক্ষ্য ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা নিৰ্মাণ কৰা হ'ল লাখ টকা ব্যয় সাপেক্ষে জল জীৱন আঁচনি। ২০২৪ চনত কেবিনেট মন্ত্ৰী অতুল বৰাই শুভ উদ্বোধন কৰা আঁচনি খনৰ পৰা খাবলৈ নাপালে বিশুদ্ধ খোৱাপানী। বন্ধ হৈ পৰিল আঁচনিখন। ৰাইজক সকাহ দিবৰ বাবে জনস্বাস্থ্য বিভাগৰ তৰফৰ পৰা বাহনৰ সহায়ত যোগদান ধৰা হ'ল খোৱা পানী। সেইয়াও নিয়মীয়া নহয়। এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে অঞ্চল বাসীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ