ইমৰাণ খানক ৰাৱালপিণ্ডি কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ইছলামাবাদৰ শ্বিফা চিকিৎসালয়লৈ স্থানান্তৰ
ইছলামাবাদ, ২১ আগষ্ট (হি.স.) ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰ (ৰাৱালপিণ্ডি কেন্দ্ৰীয় কাৰাগাৰ)ত ২০২৩ চনৰ আগষ্ট মাহৰ পৰা থকা পদচ্যুত প্ৰধানমন্ত্ৰী ইমৰাণ খানক অৱশেষত ইছলামাবাদৰ শ্বিফা ইণ্টাৰনেশ্যনেল হাস্পতাললৈ লৈ যোৱা হয়। এজন আৰক্ষী বিষয়াই জনোৱা মতে,
पाकिस्तान की पुलिस ने  21 अगस्त को सूरज निकलने से पहले कड़ी सुरक्षा के बीच पीटीआई संस्थापक इमरान खान को रावलपिंडी की आदियाला जेल से निकालकर शिफा अस्पताल इस्लामाबाद पहुंचाया । फोटो - जियो न्यूज


ইছলামাবাদ, ২১ আগষ্ট (হি.স.) ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰ (ৰাৱালপিণ্ডি কেন্দ্ৰীয় কাৰাগাৰ)ত ২০২৩ চনৰ আগষ্ট মাহৰ পৰা থকা পদচ্যুত প্ৰধানমন্ত্ৰী ইমৰাণ খানক অৱশেষত ইছলামাবাদৰ শ্বিফা ইণ্টাৰনেশ্যনেল হাস্পতাললৈ লৈ যোৱা হয়। এজন আৰক্ষী বিষয়াই জনোৱা মতে, উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়া সময়সীমা শেষ হোৱাৰ ঠিক আগতেই কঠোৰ নিৰাপত্তাৰ অধীনত পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপকজনক চিকিৎসালয়লৈ লৈ যোৱা হয়।

দ্য নিউজ আৰু জিঅ’ নিউজৰ খবৰ অনুসৰি এতিয়া খানৰ ভৰ্তি সন্দৰ্ভত বিশেষ চিকিৎসকৰ এটা দলে সিদ্ধান্ত ল’ব । ইমৰাণ খান শ্বিফাত উপস্থিত হোৱাৰ পূৰ্বে আৰক্ষী মহাপৰিদৰ্শক চৈয়দ আলী নাছিৰ ৰিজৱীয়ে চিকিৎসালয়খন পৰিদৰ্শন কৰি নিৰাপত্তাৰ ব্যৱস্থা পৰ্যালোচনা কৰে। মঙলবাৰে উচ্চতম ন্যায়ালয়ে দুদিনৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক জেলৰ পৰা চিকিৎসালয়লৈ বদলি কৰাৰ নিৰ্দেশ দিছিল। এই সিদ্ধান্তত হতাশ হৈ ফেডাৰেল চৰকাৰে বুধবাৰে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰীক্ষণ আবেদন দাখিল কৰে।

শিফা হাস্পতালৰ বাহিৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে, আৰু অঞ্চলটোত আৰক্ষীৰ গধুৰ উপস্থিতি মোতায়েন কৰা হৈছে। চিকিৎসালয়খনৰ সমীপৰ পথৰ দাঁতিত ৰখাই থোৱা বাহনসমূহো আঁতৰাই পেলোৱা হৈছে। ইমৰাণ খানক আদিয়ালা জেলৰ পৰা নিয়াৰ পূৰ্বে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে পিটিআইৰ অধ্যক্ষ বেৰিষ্টাৰ গোহৰ খানক অৱগত কৰে।

৭৩ বছৰীয়া ইমৰাণ খানক কেইবাটাও গোচৰত দোষী সাব্যস্ত কৰা হৈছে। ২০২২ চনৰ এপ্ৰিল মাহত অনাস্থা প্ৰস্তাৱৰ অন্তত পদচ্যুত হোৱা খানৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইফালে পিটিআইৰ সচিব প্ৰধান ছলমান আক্ৰাম ৰাজাই কয় যে ইমৰানক চিকিৎসালয়ৰ পৰা তেওঁৰ বানি গালা বাসগৃহলৈ স্থানান্তৰ কৰা হ’ব নে নহয় সেয়া কোৱাটো অকালপক্ক হ’ব। যিকোনো অট্টালিকাক চাব জেল ঘোষণা কৰিব পৰা যাব বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে যদি চিকিৎসকে এই সিদ্ধান্তত উপনীত হয় যে তেওঁক পুনৰ জেললৈ প্ৰেৰণ কৰিলে তেওঁৰ স্বাস্থ্যৰ ক্ষতি হ’ব, তেন্তে এনে সিদ্ধান্তৰ কথা বিবেচনা কৰিব পাৰে ।

মঙলবাৰে উচ্চতম ন্যায়ালয়ে এক ৰায়দানত আদিয়ালা কাৰাগাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে পিটিআই প্ৰতিষ্ঠাপকগৰাকীক পৰীক্ষা আৰু চিকিৎসাৰ বাবে দুদিনৰ ভিতৰত শিফা হাস্পতাললৈ প্ৰেৰণ কৰিব লাগে। আদালতে ইমৰাণৰ পৰীক্ষা আৰু চিকিৎসাৰ বাবে বিশেষ চিকিৎসা ব’ৰ্ড গঠনৰ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও পৰীক্ষা আৰু চিকিৎসাৰ সময়ত ডাঃ উজমা আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত চিকিৎসক উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। খৰছ তেওঁৰ পৰিয়ালে বহন কৰিব।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande