ষ্টক মাৰ্কেটত ইএনএছ এণ্টাৰপ্ৰাইজৰ সামান্য লাভৰ সৈতে প্ৰৱেশ, আই পি অ’ বিনিয়োগকাৰী উপকৃত
নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। ডিজিটেল কমাৰ্চ সক্ষমতা, এআই চফট্ ৱেৰ ডেভেলপমেণ্ট আৰু আই টি কনছালটিং সেৱা প্ৰদান কৰা কোম্পানী ই এন এছ এণ্টাৰপ্ৰাইজ লিমিটেডৰ শ্বেয়াৰ আজি সামান্য লাভৰ সৈতে ষ্টক মাৰ্কেটত প্ৰৱেশ কৰে। কোম্পানীটোৰ শ্বেয়াৰ আই পি অ’ৰ অধীনত
प्रतीकात्मक


নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। ডিজিটেল কমাৰ্চ সক্ষমতা, এআই চফট্ ৱেৰ ডেভেলপমেণ্ট আৰু আই টি কনছালটিং সেৱা প্ৰদান কৰা কোম্পানী ই এন এছ এণ্টাৰপ্ৰাইজ লিমিটেডৰ শ্বেয়াৰ আজি সামান্য লাভৰ সৈতে ষ্টক মাৰ্কেটত প্ৰৱেশ কৰে। কোম্পানীটোৰ শ্বেয়াৰ আই পি অ’ৰ অধীনত ₹৯২ মূল্যত জাৰি কৰা হৈছিল। আজি তেওঁলোকে বিএছইৰ এছএমই প্লেটফৰ্মত ₹৯৬ত তালিকাভুক্ত হয়, যিটো ৪.৩৫ শতাংশ প্ৰিমিয়াম।

পৰৱৰ্তী বিক্ৰীৰ চাপৰ ফলত সামান্য হ্ৰাস পাই ₹৯৫.৯০ হয়। তাৰ পিছত ক্ৰেতাসকলে ক্ৰয় ক্ষমতা বৃদ্ধি কৰি ষ্টকৰ মূল্য ₹৯৯ লৈ ঠেলি দিয়ে। কিন্তু এই উত্থানৰ পিছত পুনৰ হ্ৰাস পালে ষ্টকৰ মূল্য। পুৱা ১১:৪৫ বজালৈকে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য আছিল ₹৯৬.০১। এইদৰে এতিয়ালৈকে হোৱা ব্যৱসায়ত কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীয়ে প্ৰতি শ্বেয়াৰত ₹৪.০১ অৰ্থাৎ ৪.৩৬ শতাংশ বৃদ্ধি পাইছে।

ই এন এছ এণ্টাৰপ্ৰাইজ লিমিটেডৰ ৩৩.১৪ কোটি টকাৰ আই পি অ’ ১৪ৰ পৰা ১৮ আগষ্টৰ ভিতৰত চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল। আই পি অ’ই বিনিয়োগকাৰীৰ পৰা গড় সঁহাৰি লাভ কৰিছিল, যাৰ ফলত সামগ্ৰিকভাৱে ১৩.১১ গুণ চাবস্ক্ৰিপচন হৈছিল। ইয়াৰে যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতা (কিউআইবি)ৰ বাবে সংৰক্ষিত অংশ ৯.৪৪ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। একেদৰে অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশ ২২.৮৯ বাৰ চাবস্ক্ৰাইব হোৱাৰ বিপৰীতে খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশ ১১.০২ বাৰ চাবস্ক্ৰাইব কৰা হৈছে।

এই আই পি অ’ৰ অধীনত মুঠ ৩৬,০২,৪০০ টা শ্বেয়াৰ জাৰি কৰা হৈছে যাৰ মুদ্ৰা মূল্য ১০ ₹। আই পি অ’ৰ শ্বেয়াৰ বিক্ৰীৰ জৰিয়তে সংগ্ৰহ কৰা ধন কোম্পানীটোৱে বৰ্তমানৰ সামগ্ৰী উন্নীতকৰণ, আই টি আন্তঃগাঁথনি উন্নীতকৰণ, পুৰণি ঋণ হ্ৰাস, কাৰ্য্যকৰী মূলধনৰ প্ৰয়োজনীয়তা পূৰণ, আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যৰ বাবে জনশক্তি নিয়োগ কৰিবলৈ ব্যৱহাৰ কৰিব।

ই এন এছ এণ্টাৰপ্ৰাইজ লিমিটেডৰ বিত্তীয় অৱস্থাৰ সন্দৰ্ভত ইয়াৰ বিত্তীয় স্বাস্থ্য ক্ৰমাগতভাৱে শক্তিশালী হৈছে, যিটো মূলধনী বজাৰ নিয়ন্ত্ৰক ছেবিত দাখিল কৰা খচৰা ৰেড হেৰিং প্ৰস্পেক্টচ (ডি আৰ এইচ পি)ত দাবী কৰা হৈছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভ আছিল ৯০ লাখ ₹, যিটো পৰৱৰ্তী বিত্তীয় বৰ্ষত ২০২৪-২৫ চনত ৩.৭০ কোটি ₹লৈ বৃদ্ধি পাইছিল। ইয়াৰ পূৰ্বে ২০২৫-২৬ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভ আছিল ₹৮.৪০ কোটি।

এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ লাভও বৃদ্ধি পায়। ২০২৩-২৪ বিত্তীয় বৰ্ষত ইয়াৰ মুঠ ৰাজহ ১০.১২ কোটি ₹ হয়, যিটো ২০২৪-২৫ বিত্তীয় বৰ্ষত ২৮.৬২ কোটি ₹লৈ বৃদ্ধি পায়। বিগত ২০২৫-২৬ বিত্তীয় বৰ্ষত কোম্পানীটোৱে ৫১.৭৭ কোটি ₹ ৰাজহ আহৰণ কৰিছিল। কোম্পানীটোৰ ঋণৰ বোজাৰ সন্দৰ্ভত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পূৰ্বে ইয়াৰ কোনো ঋণ নাছিল যদিও ২০২৫-২৬ চনৰ শেষলৈকে ৩.৯৭ কোটি ₹ৰ ঋণৰ বোজা আছিল।

এই সময়ছোৱাত কোম্পানীটোৰ নেট ৱৰ্থো বৃদ্ধি পায়। ২০২৩-২৪ বিত্তীয় বৰ্ষত আছিল ₹১.৯০ কোটি। একেদৰে ২০২৪-২৫ চনত কোম্পানীটোৰ নেট ৱৰ্থ ₹১০.০৪ কোটিলৈ বৃদ্ধি পাইছে। বিগত বিত্তীয় বৰ্ষ ২০২৫-২৬ ত ₹১৮.৪৪ কোটি টকা হয়।

কোম্পানীটোৰ মজুত আৰু উদ্বৃত্তৰ সন্দৰ্ভত এই সময়ছোৱাত কোম্পানীটোৱেও এই ফ্ৰণ্টত অগ্ৰগতি লাভ কৰিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত ই ১.৮৭ কোটি ₹ৰ স্তৰত আছিল। একেদৰে ২০২৪-২৫ চনত কোম্পানীটোৰ মজুত আৰু উদ্বৃত্ত জপিয়াই ৭.৩৩ কোটি ₹ হয়। যোৱা ২০২৫-২৬ বিত্তীয় বৰ্ষত কোম্পানীটোৰ মজুত আৰু উদ্বৃত্ত ₹৮.৪৫ কোটিলৈ বৃদ্ধি পাইছে।

একেদৰে ২০২৩-২৪ চনত ইবিআইটিডিএ (আৰ্নিংছ বিফোৰ ইন্টাৰেষ্ট, টেক্স, ডিপ্ৰিচিয়েচন এণ্ড এমোৰ্টাইজেচন) ১.৩৮ কোটি ₹ৰ স্তৰত আছিল, যিটো ২০২৪-২৫ চনত ৫.৪৮ কোটি ₹লৈ বৃদ্ধি পাইছিল। যোৱা ২০২৫-২৬ বিত্তীয় বৰ্ষত কোম্পানীটোৰ ইবিআইটিডিএ ১১.৭১ কোটি টকালৈ জপিয়াই পৰিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande