এইচডিএফচি বেংকে বহিঃৰাজ্যৰ বণ্ডৰ পৰা ১.৭৫ বিলিয়ন ডলাৰ সংগ্ৰহ
নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। দেশৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ ঋণদাতা এইচ ডি এফ চি বেংকে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বিদেশী বণ্ড ইছ্যুৰ জৰিয়তে ১.৭৫ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে। শুকুৰবাৰে ষ্টক এক্সচেঞ্জত নিয়ন্ত্ৰণমূলক ফাইলিঙত এইচ ডি এফ চি বেংকে ঘো
एचडीएफसी बैंक के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। দেশৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ ঋণদাতা এইচ ডি এফ চি বেংকে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বিদেশী বণ্ড ইছ্যুৰ জৰিয়তে ১.৭৫ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে।

শুকুৰবাৰে ষ্টক এক্সচেঞ্জত নিয়ন্ত্ৰণমূলক ফাইলিঙত এইচ ডি এফ চি বেংকে ঘোষণা কৰে যে তেওঁলোকে নিজৰ জিফ্ট চিটি শাখাৰ জৰিয়তে ১.৭৫ বিলিয়ন ডলাৰৰ ছিনিয়ৰ অসুৰক্ষিত বণ্ড জাৰি কৰিছে। বেংকটোৱে জনোৱা মতে, ৫.১৫৯ শতাংশ কুপন হাৰত তিনি বছৰৰ ভিতৰত মেচিউৰ হোৱা ৫০ কোটি ডলাৰৰ বণ্ড জাৰি কৰিছে। পাঁচ বছৰৰ ভিতৰত মেচিউৰ হ’বলগীয়া বাকী ১.২৫ বিলিয়ন ডলাৰৰ বণ্ডৰ কুপনৰ হাৰ ৫.৪ শতাংশ। এইচ ডি এফ চি বেংকে উল্লেখ কৰিছে যে এই বণ্ডসমূহ ইণ্ডিয়া আই এন এক্স (ইণ্ডিয়া ইণ্টাৰনেশ্যনেল এক্সচেঞ্জ (আই এফ এছ চি) লিমিটেড) আৰু এন এছ ই ইণ্টাৰনেশ্যনেল এক্সচেঞ্জ (এন এছ ই-আই এক্স)ত তালিকাভুক্ত হ’ব।

বহিঃৰাজ্যৰ বণ্ড হৈছে কোনো কোম্পানীয়ে বিদেশী বজাৰত ধন সংগ্ৰহৰ বাবে জাৰি কৰা ঋণৰ যন্ত্ৰ। এইবোৰ নিজ নিজ দেশৰ স্থানীয় মুদ্ৰাত বা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাত জাৰি কৰিব পাৰি। ভাৰতীয় বিনিয়োগকাৰীয়ে লিবাৰেলাইজড ৰেমিটেন্স আঁচনি (এল আৰ এছ)ৰ অধীনত বিশ্বৰ বজাৰত বিনিয়োগ কৰিব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande