
গোলাঘাট, ২১ আগষ্ট (হি.স.)। আন্তঃৰাষ্ট্ৰীয় বজাৰত এইবাৰ কেকো সাপৰ এক বৃহৎ চোৰাং ব্যৱসায় গঢ় লৈ উঠিছে । কাজিৰঙাত কেকো সাপসহ এটা চোৰাং ব্যৱসায়ীক বনবিভাগে হাতে লোটে কৰায়ত্ত কৰাৰ পাছত উক্ত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।
এক গোপন সূত্ৰৰ পম খেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ অৰুণ ভিগ্নেশ ৰ নেতৃত্বত যোৱা কামাণ্ডো আৰু চিআৰপিএফ বাহিনীৰ এটা দলে বোকাখাতৰ লতাবাৰিৰ পৰা ৰাহুল কৰ্মকাৰ নামৰ চোৰাং ব্যৱসায়ী জনক কৰায়ত্ত কৰে। লগতে এটা মোনাত ভৰাই অনা এডাল কেকো সাপ জব্দ কৰে অভিযানকাৰী দলটোৱে।
কেকো সাপ অতি দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰানী বুলি উল্লেখ কৰি ডিএফঅ অৰুণ ভিগ্নেশে কয় যে ধৃত ৰাহুল কৰ্মকাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত মোটা অংকৰ ধনৰ বিনিময়ত কেকো সাপটো বিক্ৰী কৰিবলৈ চেষ্টা চলাইছিল। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত কেকো সাপৰ চাহিদা বৃ্দ্ধি পোৱাত এইবিধ প্ৰজাতিৰ প্ৰতি তীব্ৰ ভাবুকি আহিছে বুলিও ডিএফঅ অৰুণ ভিগ্নেশে জানিবলৈ দিয়ে। বৰ্তমান বোকাখাত খণ্ড বন বিষয়াৰ কাৰ্যালয়ত মাৰাথন জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু