গৌৰীপুৰত যুৱতীৰ ৰহস্যজনক মৃত্যুকলৈ চাঞ্চল্য
গৌৰীপুৰত যুৱতীৰ ৰহস্যজনক মৃত্যুকলৈ চাঞ্চল্য।
গৌৰীপুৰত যুৱতীৰ ৰহস্যজনক মৃত্যুকলৈ চাঞ্চল্য


ধুবুৰী, ২১ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱা কালি বৃহস্পতিবাৰে বিয়লি এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুকলৈ চাঞ্চল্যৰ সৃষ্টি হয় । যুৱতী গৰাকীক প্ৰেমিকাই হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে । ধুবুৰী জিলাৰ গৌৰীপুৰৰ খুদীমাৰীৰ লুবনা আহাদ শেখ নামৰ ১৯ বছৰীয়া যুৱতী গৰাকীক কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁওৰ প্ৰেমিক সমেৰ আলীয়ে জাতীয় দ্ৰব্য খোৱাই হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰিছে মৃত্যু হোৱা যুৱতী গৰাকীৰ পৰিয়ালে ।

বিষ জাতীয় দ্ৰব্য সেৱন কৰোৱাৰ পিছত যুৱতী গৰাকীৰ প্ৰেমিক জনে চিকিৎসালয়লৈ লৈ যোৱাৰ চেষ্টা কৰে যদিও হস্পিতালত ভৰ্তি কৰোৱাৰ আগতেই মৃত্যু হয় যুৱতী গৰাকীৰ । ইতিমধ্যে যুৱতী গৰাকীৰ পৰিয়ালে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে । এজাহাৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে অভিযুক্ত সমেৰ আলীক আটক কৰি তদন্ত আৰম্ভ কৰিছে । বৰ্তমান গৌৰীপুৰ আৰক্ষীয়ে প্ৰেমিক যুৱক জনক জেৰা অব্যাহত ৰাখিছে।

এতিয়া প’ষ্টমৰ্টেম ৰিপ’ৰ্ট আৰু অন্যান্য প্ৰমাণ আহিলেহে প্ৰকৃত সত্য ওলাই আহিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande