বৰপেটা আৰু বজালী অধিবিদ্যা পৰিষদৰ উদ্যোগত বানপীড়িত ২০০গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰিয়াল বৰ্গলৈ আৰ্থিক সাহাৰ্য্য বিতৰণ
বৰপেটা, ২১ আগষ্ট (হি.স.)। বৰপেটা আৰু বজালী অধিবিদ্যা পৰিষদৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত ২০০গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰিয়াল বৰ্গলৈ আৰ্থিক সাহাৰ্য্য বিতৰণ৷ প্ৰলয়ংকাৰী বানে তচনচ কৰি নিলে শিৱসাগৰ,চৰাইদেউ জিলাৰ বহু ছাত্ৰছাত্ৰীৰ সপোনো প্ৰলয়ংকাৰ
বৰপেটা আৰু বজালী অধিবিদ্যা পৰিষদৰ উদ্যোগত বানপীড়িত ২০০গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰিয়াল বৰ্গলৈ আৰ্থিক সাহাৰ্য্য বিতৰণ


বৰপেটা, ২১ আগষ্ট (হি.স.)। বৰপেটা আৰু বজালী অধিবিদ্যা পৰিষদৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত ২০০গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰিয়াল বৰ্গলৈ আৰ্থিক সাহাৰ্য্য বিতৰণ৷ প্ৰলয়ংকাৰী বানে তচনচ কৰি নিলে শিৱসাগৰ,চৰাইদেউ জিলাৰ বহু ছাত্ৰছাত্ৰীৰ সপোনো প্ৰলয়ংকাৰী বানে শেষ কৰি নিলে৷

এই প্ৰলয়ংকাৰী বানে তচনচ কৰি নিয়া ছাত্ৰ-ছাত্ৰীক সহায়ৰ উদ্দেশ্যৰে আজি চণ্টক উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় বৰপেটা আৰু বজালী অধিবিদ্যা পৰিষদ৷

তেওঁলোকৰ উদ্যোগত বানপীড়িত অঞ্চলৰ প্ৰায় ১০০গৰাকী ছাত্ৰছাত্ৰী পৰিয়াল বৰ্গলৈ বিতৰণ কৰা হয় আৰ্থিক সাহাৰ্য্য৷ ইয়াৰ উপৰিও চৰাইদেউ জিলাত বানবিধস্ত ১০০গৰাকী ছাত্ৰছাত্ৰীৰ পৰিয়াল বৰ্গলৈও আগবঢ়াই আৰ্থিক সাহাৰ্য্য৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande