যোৰহাটত শুঁৰ পোকৰ আক্ৰমণক লৈ কৃষকক সজাগ হোৱাৰ আহ্বান
যোৰহাট, ২১আগষ্ট (হি.স.)। যোৰহাটত শুঁৰ পোকৰ আক্ৰমণক লৈ কৃষকক সজাগ হোৱাৰ আহ্বান । অসমৰ বিভিন্ন জিলাৰ কৃষিপথাৰত শেহতীয়াকৈ শুঁৰ পোকৰ আক্ৰমণ পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলাৰ কৃষক ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ জিলা কৃষি বিভাগে আহ্বান জনাইছে।
যোৰহাটত শুঁৰ পোকৰ আক্ৰমণক লৈ কৃষকক সজাগ হোৱাৰ আহ্বান


যোৰহাট, ২১আগষ্ট (হি.স.)। যোৰহাটত শুঁৰ পোকৰ আক্ৰমণক লৈ কৃষকক সজাগ হোৱাৰ আহ্বান । অসমৰ বিভিন্ন জিলাৰ কৃষিপথাৰত শেহতীয়াকৈ শুঁৰ পোকৰ আক্ৰমণ পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলাৰ কৃষক ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ জিলা কৃষি বিভাগে আহ্বান জনাইছে। যোৰহাটৰ কিছু কিছু অঞ্চলত শুঁৰ পোকৰ আক্ৰমণৰ তথ্য পোৱা গৈছে। জিলা কৃষি বিভাগে জনোৱা মতে, শুঁৰ পোকৰ আক্ৰমণে কম সময়ৰ ভিতৰতে শস্যৰ যথেষ্ট ক্ষতি কৰাৰ সম্ভাৱনা থাকে। সেয়েহে কৃষকসকলে নিজৰ কৃষিপথাৰত পোকৰ উপস্থিতিৰ কোনো লক্ষণ দেখা পালে তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়ক অথবা কৃষি উন্নয়ন বিষয়াক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে।

বিভাগটোৱে পোকৰ আক্ৰমণ চিনাক্ত কৰাৰ ক্ষেত্ৰত কেইবাটাও লক্ষণৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কৃষকসকলক পৰামৰ্শ আগবঢ়াইছে। ধাননি পথাৰত হঠাতে অধিক সংখ্যক চৰাইৰ জাক দেখা পালে পথাৰত পোক-পৰুৱাৰ উপস্থিতিৰ সম্ভাৱনা থাকিব পাৰে। ইয়াৰ উপৰি ধানগছৰ গা-গছত পোকৰ খোৱাৰ চিন বা ক্ষত পৰিলক্ষিত হোৱা আৰু আক্ৰান্ত খেতিডৰাৰপৰা অস্বাভাৱিক দুৰ্গন্ধ ওলোৱাও আক্ৰমণৰ অন্যতম লক্ষণ হ’ব পাৰে। শুঁৰ পোক নিয়ন্ত্ৰণৰ বাবে অনুমোদিত কীটনাশক লেবেলত উল্লেখ কৰা মাত্ৰা অনুসৰি ব্যৱহাৰ কৰি শস্যত প্ৰয়োগ কৰিবলৈ কৃষকসকলক পৰামৰ্শ দিয়া হৈছে। অৱশ্যে কীটনাশক ব্যৱহাৰৰ পূৰ্বে স্থানীয় কৃষি বিষয়াৰ পৰামৰ্শ ল’বলৈ বিভাগে আহ্বান জনাইছে। জৈৱিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিম তেল প্ৰতি লিটাৰ পানীত ৫–৬ মিলিলিটাৰ মিহলাই শস্যত স্প্ৰে কৰিব পাৰি।

ইয়াৰ লগতে ধাননি পথাৰ অপতৃণমুক্ত কৰি ৰখা, মাটি চহোৱাৰ পিছত শস্য সিঁচা বা ৰোপণৰ পূৰ্বে ২–৩ দিন পথাৰখন সূৰ্যৰ পোহৰত মুকলি কৰি ৰখা, খেতিৰ আলিসমূহ মাটিৰে ভালদৰে বান্ধি পানীৰে লেপি মজবুত কৰা আৰু আলিত অপতৃণ গজিবলৈ নিদিয়াৰ পৰামৰ্শ দিয়া হৈছে। পথাৰত গছৰ ডাল বা বাঁহৰ জেং পুতি দিয়াৰ ফলত চৰাই বহি পোক-পৰুৱা খাব পাৰে, ইয়াৰ জৰিয়তেও পোক নিয়ন্ত্ৰণত সহায় লাভ কৰিব পৰা যায়। যোৰহাট জিলা কৃষি বিভাগৰ জিলা কৃষি বিষয়া ৰুবুল বৰগোহাঁইয়ে কয় : কৃষক ৰাইজৰ সজাগতা আৰু সময়মতে গ্ৰহণ কৰা নিয়ন্ত্ৰণমূলক ব্যৱস্থাই শস্যৰ সম্ভাৱ্য ক্ষতি বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। সেয়েহে শুঁৰ পোকৰ আক্ৰমণৰ কোনো লক্ষণ দেখা দিলে কৃষকসকলে আতংকিত নহৈ শীঘ্ৰে কৃষি বিভাগৰ স্থানীয় বিষয়াসকলৰ সৈতে যোগাযোগ কৰিব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande