তেজপুৰৰ বিশিষ্ট চিকিৎসক, প্ৰতিষ্ঠিত ব্যৱসায়ী, বুৰঞ্জী প্ৰসিদ্ধ পৰিয়ালৰ সন্তান ডা০ ৰণজিৎ বৰুৱাৰ দেহাৱসান
-তেজপুৰৰ প্ৰখ্যাত পাৰিজাত হোটেলৰ স্বত্বাধিকাৰী গৰাকীৰ আকস্মিক পৰলোকপ্ৰাপ্তিত শোকাচ্ছন্ন -তেজপুৰ বিভিন্ন ব্যক্তি -অনুষ্ঠানৰ শোক প্ৰকাশ শোণিতপুৰ, ২১ আগষ্ট (হি.স.): তেজপুৰৰ বিশিষ্ট চিকিৎসক, প্ৰতিষ্ঠিত উদ্যোগী, বুৰঞ্জী প্ৰসিদ্ধ চাৰিদুৱৰীয়া খাজাঞ
তেজপুৰৰ বিশিষ্ট চিকিৎসক, প্ৰতিষ্ঠিত ব্যৱসায়ী, বুৰঞ্জী প্ৰসিদ্ধ পৰিয়ালৰ সন্তান ডা০ ৰণজিৎ বৰুৱাৰ দেহাৱসান


-তেজপুৰৰ প্ৰখ্যাত পাৰিজাত হোটেলৰ স্বত্বাধিকাৰী গৰাকীৰ আকস্মিক পৰলোকপ্ৰাপ্তিত শোকাচ্ছন্ন -তেজপুৰ

বিভিন্ন ব্যক্তি -অনুষ্ঠানৰ শোক প্ৰকাশ

শোণিতপুৰ, ২১ আগষ্ট (হি.স.):

তেজপুৰৰ বিশিষ্ট চিকিৎসক, প্ৰতিষ্ঠিত উদ্যোগী, বুৰঞ্জী প্ৰসিদ্ধ চাৰিদুৱৰীয়া খাজাঞ্চি বংশৰ সন্তান তথা সৰবৰহী সমাজকৰ্মী ডা০ ৰণজিৎ বৰুৱাৰ যোৱা কালি বৃহস্পতিবাৰে নিশা ৭ -৩০ বজাত নতুন দিল্লীৰ গুৰগাৱঁৰ মাৰেংগো এছিয়া হাস্পতালত দেহাৱসান ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে । উল্লেখ্য যে ১৯৬৯ চনৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ এম বি বি এছ ডিগ্ৰীধাৰী তেজপুৰৰ জয়মতী পথাৰৰ সমীপৰ শংকৰ মন্দিৰ পথৰ কমলা নগৰ নিবাসী তেজপুৰৰ সম্ভ্ৰান্ত চিকিৎসক তথা ব্যৱসায়ী হিচাপে অতি সৰবৰহী, মৰমীয়াল অন্তৰৰ বদান্য ব্যক্তিত্বৰ অধিকাৰীৰ কোনো ধৰণৰ শাৰিৰীক অসুস্থতা নাছিল বাবেই কিছুদিন পূৰ্বে নতুন দিল্লীত থকা বিবাহিতা দুহিতাৰ ঘৰলৈ যোৱৰ পিছত এটা দিন পূৰ্বে আকস্মিকভাৱে শাৰীৰিক অসুস্থতা অনুভৱ কৰা চিকিৎসক বৰুৱাই নিজেই চিকিৎসালয়লৈ যোৱাৰ কথা কৈ চিকিৎসাধীন হোৱাৰ এটা দিনৰ পিছতেই চিকিৎসালয়তে মৃত্যুক আঁকোৱালি লয় ।

চিকিৎসালয় কৰ্তৃপক্ষই ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ পিছত হৃদযন্ত্ৰ জনিত ৰোগত মৃত্যু মুখত পৰে বুলি পৰিয়ালক অৱগত কৰে । আনহাতে এসময়ৰ তেজপুৰৰ বিখ্যাত পাৰিজাত হোটেলৰ স্বত্বাধিকাৰী তথা তেজপুৰৰ সকলো শ্ৰেণীৰ নাগৰিকৰ মাজতেই অতি প্ৰিয় বদান্য ব্যক্তি হিচাপে পৰিচিত ডা০ ৰঞ্জিৎ বৰুৱাৰ মৃত্যুৰ সংবাদ পোৱাৰ পিছতেই বৃহস্পতিবাৰৰ নিশাৰে পৰা তেজপুৰৰ বৌদ্ধিক আৰু সামাজিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰে । ভাৰতীয় চিকিৎসা সন্হাৰ তেজপুৰ শাখাৰ আজীৱন সদস্য গৰাকীৰ পৰলোকপ্ৰাপ্তিৰ বতৰা পোৱাৰ পিছতেই তেজপুৰৰ চিকিৎসক সকলৰ মাজতো শোকৰ ছাঁ পৰিছে ।

উল্লেখ্য যে যোৱা ১ জুলাই তাৰিখে ভাৰতীয় চিকিৎসা সন্হাৰ তেজপুৰ শাখাই বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা প্ৰবীণ চিকিৎসক তথা প্ৰতিষ্ঠিত উদ্যোগী গৰাকীৰ আকস্মিক মৃত্যুত শোক স্তব্ধ হৈ পৰিছে তেজপুৰৰ চিকিৎসক সমাজ ।

উল্লেখ্য যে সদা হাস্যময়ী, পৰোপকাৰী তথা সমাজ প্ৰিয় চিকিৎসক বৰুৱাই তাহানিতেই এম বি বি এছ ডিগ্ৰী লাভ কৰাৰ পিছতো চিকিৎসা সেৱাত জড়িত নহৈ হোটেল ব্যৱসায়ী পিতৃৰ পদাংক অনুসৰণ কৰি সেই সময়ৰ বিখ্যাত হোটেল হিচাপে পৰিচিত পাৰিজাত হোটেল পৰিচালনাত আত্মনিয়োগ কৰি হোটেলখন সকলো শ্ৰেণীৰ লোকৰ বাবে সমাদৰ লাভ কৰোৱাত সফলকাম হৈছিল । তেজপুৰ কুমাৰ গাঁৱৰ শংকৰ মন্দিৰ প্ৰতিষ্ঠা লগ্নৰ অন্যতম কাণ্ডাৰী, জয়মতী পথাৰৰ ডনাৰ পৰিয়ালৰ সন্তান, অসমীয়া ক্লাবৰ আজীৱন সদস্য গৰাকীৰ নশ্বৰ দেহ আজি দুপৰীয়া বাসগৃহ আহি পোৱাত ভাৰতীয় চিকিৎসা সন্হাৰ তেজপুৰ শাখাৰ বিষয়ববীয়া সকলৰ লগতে তেজপুৰৰ বিভিন্ন ব্যক্তি -অনুষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

মৃত্যুৰ সময়ত পত্নীৰ লগতে এজন পুত্ৰ, বোৱাৰী, এগৰাকী কন্যা, জোঁৱাই, নাতি নাতিনীৰ লগতে অসংখ্য আত্মীয় স্বজনক এৰি থৈ যোৱা প্ৰয়াত প্ৰতিষ্ঠিত ব্যৱসায়ী কমলা কান্ত বৰুৱা আৰু প্ৰেমলতা বৰুৱাৰ পুত্ৰ, সৰবৰহী চিকিৎসক তথা সম্ভ্ৰান্ত ব্যৱসায়ী গৰাকীৰ পৰলোকপ্ৰাপ্তিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, বৰছলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মা, ভাৰতীয় চিকিৎসক সন্হাৰ তেজপুৰ শাখাৰ বিষয়ববীয়া, অসমীয়া ক্লাবৰ সভাপতি পংকজ কুমাৰ বৰা, তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়া, প্ৰবীণ চিকিৎসক ডাঃ সুৰেন্দ্ৰ গগৈ, ডাঃ হেমেন্দ্ৰ বৰা, চিকিৎসা সন্হাৰ অসম ৰাজ্যিকৰ প্ৰাক্তন সভাপতি ডা০ সত্যজিৎ বৰা, বিশিষ্ট চিকিৎসক ডাঃ জাহানাৰা বেগম, ডাঃ প্ৰদীপ কুমাৰ শৰ্মা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande