
শোণিতপুৰ, ২১ আগষ্ট (হি.স.)। শোণিতপুৰৰ চাৰিদুৱাৰৰ জীয়াভৰলী নৈত কিশোৰীৰ মৃতদেহ উদ্ধাৰ। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জিয়াভৰলী নদীৰ সমীপৰ ৰিহাজুলি ঘাটত উদ্ধাৰ মৃতদেহটো। বনবিভাগৰ তহলদাৰী এটা দলে প্ৰত্যক্ষ কৰি চাৰিদুৱাৰ আৰক্ষীক খবৰ দিয়াত চাৰিদুৱাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।
মৃতদেহটো অৰুনাচলৰ চেপ্পাৰ বুলি জানিব পৰা গৈছে। তিনিদিন পুৰ্বে চেপ্পাৰ কামেং নদীত পৰি সন্ধানহীন হৈছিল কিশোৰী গৰাকী।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু