বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী
শিৱসাগৰ, ২১ আগষ্ট (হি.স.)। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী। জিলা আয়ুক্তক অখিল গগৈয়ে কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ। কালিৰ দিনটোত অখিল গগৈয়ে শিৱসাগৰ জিলা আয়ুক্তৰ সৈ
বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী


শিৱসাগৰ, ২১ আগষ্ট (হি.স.)। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী। জিলা আয়ুক্তক অখিল গগৈয়ে কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ।

কালিৰ দিনটোত অখিল গগৈয়ে শিৱসাগৰ জিলা আয়ুক্তৰ সৈতে এক আলোচনাৰ সময়ত জিলা আয়ুক্তগৰাকীক কৰিছিল দুৰ্ব্যৱহাৰ। ইয়াৰ প্ৰতিবাদত মূৰত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ আৰু কৰ্মবিৰতি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী সকলৰ। ইয়াৰ পিছতে কৰ্মচাৰীসকলে এক সভা আহ্বান কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande