গুৱাহাটী মহানগৰীৰ চান্দমাৰীত কেৱ চালকৰ মৃতদেহ উদ্ধাৰ
গুৱাহাটী, ২১ আগষ্ট(হি.স.)। গুৱাহাটীৰ চান্দমাৰী অঞ্চলত বৃহস্পতিবাৰে নিশা ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। যুৱক জনক পথৰ দাঁতিত হত্যা কৰা হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। মৃত যুৱকজন নগাঁও জিলাৰ কামপুৰৰ নিবাসী ৰাহুল দাস বুলি
গুৱাহাটী মহানগৰীৰ চান্দমাৰীত কেৱ চালকৰ মৃতদেহ উদ্ধাৰ


গুৱাহাটী, ২১ আগষ্ট(হি.স.)। গুৱাহাটীৰ চান্দমাৰী অঞ্চলত বৃহস্পতিবাৰে নিশা ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। যুৱক জনক পথৰ দাঁতিত হত্যা কৰা হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। মৃত যুৱকজন নগাঁও জিলাৰ কামপুৰৰ নিবাসী ৰাহুল দাস বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি তেওঁ কেব চালক হিচাপে কাম কৰি জীৱিকা নিৰ্বাহ কৰিছিল।

বৃহস্পতিবাৰে নিশা প্ৰকাশ পোৱা এই ঘটনাৰ পিছতে চান্দমাৰীৰ নিজাৰাপাৰা ৰেড ক্ৰছ চিকিৎসালয়ৰ সমীপত মৃতদেহটো উদ্ধাৰ কৰে।

প্ৰাথমিক তথ্য অনুসৰি ৰাহুল দাসক পথৰ দাঁতিত আক্ৰমণ কৰি হত্যা কৰা হ’ব পাৰে বুলি আৰক্ষী সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে তেওঁৰ মৃত্যুৰ সঠিক পৰিস্থিতি বৰ্তমানো নিৰ্ণয় কৰিব পৰা হোৱা নাই।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande