
বাক্সা, ২১ আগষ্ট (হি.স.)। বাক্সাৰ উত্তৰপূৱ খাৰিজাবিজনী, শিমলা, কালপানী আঞ্চলিক মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি চমুকৈ চিপিআই(এম)ৰ উজনি অসমৰ বান সন্দৰ্ভত চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান।
ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ বাক্সা জিলাৰ জালাহ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চিপিআই(এম) দ'ল উপস্থিত হৈ চক্ৰ বিষয়াক প্ৰদান কৰে স্মাৰক পত্ৰ। বানত ক্ষতিগ্ৰস্ত পৰিয়ালক পৰ্যাপ্ত সুবিধা প্ৰদানৰ দাবী জনায় দলটোৱে। অসমৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ আহ্বান জনায়। অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে এই পত্ৰখনৰ জড়িয়তে। এই দাবী সমূহ মানি নললে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে দলটোৱে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ