
নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্য সন্দৰ্ভত খা-খৱৰ লয় আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এক্স-পোষ্টত লিখিছে, আজি মই জে পি নড্ডাক তেওঁৰ বাসগৃহত লগ পাই তেওঁৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰিলোঁ। তেওঁৰ আশু আৰোগ্য, সুস্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ। উল্লেখযোগ্য যে জে পি নড্ডাই অস্বস্তি আৰু বুকুৰ বিষৰ অনুভৱ কৰাত তেওঁক যোৱা ১৩ আগষ্টত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ ক’ৰ’নাৰী এঞ্জিঅ’গ্ৰাফী কৰা হৈছিল। যোৱা ১৯ আগষ্টত তেওঁক এইমছৰ পৰা যাবলৈ দিয়া হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া