বিজনীত পুখুৰীত গা ধুবলৈ নামি চাৰিজন শিশুৰ কৰুণ মৃত্যু
বাক্সা, ২১ আগষ্ট (হি.স.)। বিজনীৰ পাণবাৰী দামুগাওঁত পুখুৰীত গা ধুবলৈ নামি চাৰিজন শিশুৰ কৰুণ মৃত্যু। বিজনীৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দামুগাঁৱত শোকাবহ ঘটনা। এক হৃদয়বিদাৰক ঘটনাত পুখুৰীত ডুবি চাৰিজন নাবালিকা শিশুৰ মৃত্যু হৈছে। প্ৰাথমিক তথ্য অনুসৰ
বিজনীত পুখুৰীত গা ধুবলৈ নামি চাৰিজন শিশুৰ কৰুণ মৃত্যু


বাক্সা, ২১ আগষ্ট (হি.স.)। বিজনীৰ পাণবাৰী দামুগাওঁত পুখুৰীত গা ধুবলৈ নামি চাৰিজন শিশুৰ কৰুণ মৃত্যু। বিজনীৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দামুগাঁৱত শোকাবহ ঘটনা। এক হৃদয়বিদাৰক ঘটনাত পুখুৰীত ডুবি চাৰিজন নাবালিকা শিশুৰ মৃত্যু হৈছে।

প্ৰাথমিক তথ্য অনুসৰি, দুপৰীয়া গা ধুবলৈ একেলগে পুখুৰীত নামিছিল শিশু কেইগৰাকী। সেই সময়তে গভীৰ পানীত ডুব যোৱাত স্থানীয় লোকে উদ্ধাৰ অভিযান চলায়। পিছত চিকিৎসালয়লৈ নিয়া হলেও চিকিৎসকে চাৰিওগৰাকীকে মৃত ঘোষণা কৰে। ঘটনাই সমগ্ৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।

নিহত শিশু কেই গৰাকী মাছুমা খাতুন (৮) — পঞ্চম শ্ৰেণীৰ ছাত্ৰী, ৰাকিবা খাতুন (৯) — চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী,সঞ্জুমা খাতুন (৮) — তৃতীয় শ্ৰেণীৰ ছাত্ৰী

সুহানা খাতুন (১০) — তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল।

উক্ত ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande