বটদ্ৰৱাৰ যুৱক কেৰেলাত নিৰুদ্দেশ
নগাঁও, ২১ আগষ্ট (হি.স.)। বটদ্ৰৱাৰ যুৱক কেৰেলাত নিৰুদ্দেশ। কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ নিৰুদ্দেশ হৈছে বটদ্ৰৱা বৰভেটি গাঁৱৰ এজন যুৱক। নিৰুদ্দেশ হোৱা যুৱক জনৰ নাম ৰাব্বুল হুছেইন। জানিব পৰা মতে, প্ৰায় দুমাহ পূৰ্বে কৰ্মসংস্থাপনৰ উদ্দেশ্যে বটদ্ৰৱা
বটদ্ৰৱাৰ যুৱক কেৰেলাত নিৰুদ্দেশ


নগাঁও, ২১ আগষ্ট (হি.স.)। বটদ্ৰৱাৰ যুৱক কেৰেলাত নিৰুদ্দেশ। কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ নিৰুদ্দেশ হৈছে বটদ্ৰৱা বৰভেটি গাঁৱৰ এজন যুৱক। নিৰুদ্দেশ হোৱা যুৱক জনৰ নাম ৰাব্বুল হুছেইন। জানিব পৰা মতে, প্ৰায় দুমাহ পূৰ্বে কৰ্মসংস্থাপনৰ উদ্দেশ্যে বটদ্ৰৱা বৰভেটিৰ পৰা কেৰেলালৈ গৈছিল ৰাব্বুল। কিন্তু যোৱা ১৫ আগষ্টত কেৰেলাৰ কৰিকুট বাছ ষ্টেণ্ডৰ পৰা হঠাৎ নিৰুদ্দেশ হয় যুৱক জন। যুৱকজন নিৰুদ্দেশ হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে দুখীয়া পৰিয়ালটোত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।

ঘটনা সন্দৰ্ভত গাঁৱৰ ৰাইজে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে নিৰুদ্দেশ যুৱক জনক উদ্ধাৰৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে সহায়ৰ আহ্বান জনাইছে। কোনো সদাশয় ব্যক্তিয়ে যদি ৰাব্বুল হুছেইনৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫৭৯৭৩৪২ / ৯০৩৭২৯৯০৫৬ নম্বৰত অথবা আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। বটদ্ৰৱাৰ পৰা উৎপল শইকীয়া।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande