বজালীৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ যুৱক জনৰ দুয়োটা বৃক্ক বিকল,আৰ্থিক সাহায্য়ৰ বাবে আহ্বান
বজালী, ২১ আগষ্ট (হি.স.)। বজালীৰ কঠালমূৰীঘাটৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুন কাহিনী | নৱজিত কলিতা নামৰ যুৱক জনৰ দুয়োটা বৃক্ক বিকল হৈ পৰিছে | যোৱা ৪মাহ ধৰি বৃক্কৰোগৰ বাবে চিকিৎসা কৰি আছে যদিও এতিয়া আৰ্থিক সংকতত পৰিছে পৰিয়ালটো | পৰিয়ালটো এতিয়া পানীত
বজালীৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ যুৱক জনৰ দুয়োটা বৃক্ক বিকল,আৰ্থিক সাহায্য়ৰ বাবে আহ্বান


বজালী, ২১ আগষ্ট (হি.স.)।

বজালীৰ কঠালমূৰীঘাটৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুন কাহিনী |

নৱজিত কলিতা নামৰ যুৱক জনৰ দুয়োটা বৃক্ক বিকল হৈ পৰিছে |

যোৱা ৪মাহ ধৰি বৃক্কৰোগৰ বাবে চিকিৎসা কৰি আছে যদিও এতিয়া আৰ্থিক সংকতত পৰিছে পৰিয়ালটো |

পৰিয়ালটো এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সন্মুখীন হৈ পৰিছে |

ঘৰৰ সকলো সা সম্পত্তি বিক্ৰী কৰি চিকিৎসা আগবঢ়াই আহিছে |

বৰ্তমান পৰিয়ালটোক প্ৰয়োজন হৈছে কিছু সহায় |

আৰ্থিক সাহায্য়ৰ বাবে আহ্বান ৰাইজক।

মুখ্যমন্ত্ৰীৰ লগতে বজালী সমষ্টিৰ বিধায়ক গৰাকীলৈ কাতৰ অনুৰোধ |

পৰিয়ালটোক যাতে চিকিৎসা কৰিবলৈ কিছু আৰ্থিক সহায় প্ৰদান কৰে |

কোনোৱা সু হৃদয়বান ব্যক্তিয়ে আৰ্থিক সহায় কৰিব বিচাৰিলে নৱজিত কলিতাৰ ইউকো বেংকৰ একাউন্ট নম্বৰ - ২৮২৪৩২১১১২৯৮১৩ নম্বৰত পোনপোতীয়াকৈ সহায় কৰিব পাৰিব |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande