জনীয়াৰ মহম্মদপুৰ গাঁৱত মাটি বেদখলৰ গুৰুতৰ অভিযোগ উত্থাপন
জনীয়াৰ মহম্মদপুৰ গাঁৱত মাটি বেদখলৰ গুৰুতৰ অভিযোগ উত্থাপন জাকিৰ হুছেইনৰ।
জনীয়াৰ মহম্মদপুৰ গাঁৱত মাটি বেদখলৰ গুৰুতৰ অভিযোগ উত্থাপন


বৰপেটা, ২১ আগষ্ট (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ মহম্মদপুৰ গাঁৱত মাটি বেদখলৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ১৩২ নং দাগৰ ১০ বিঘা ২ কঠা মাটি কুটাই শ্বেখ (মনিৰ) আমিৰ উদ্দিন আৰু ৰয়মন বেৱাৰ নামৰ মাটি তাইজুদ্দিন বেপাৰী , শিৰাজুল হক,নানমু মিয়াই অবৈধভাৱে নাম বহাই ঘৰুৱা দলিল দি মাটিখিনি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জাকিৰ হুছেইন নামৰ লোকজনে ।

আমজাদ আলী, ছোৰহাব আলী, ইব্ৰাহিম আহমেদ, দৰবেশ আলী আৰু জাহিদুল ইছলামৰ বিৰুদ্ধে মাটি বেদখল কৰাৰ অভিযোগ তোলে জাকিৰ হুছেইনে । কেৱল মাটি বেদখলেই নহয় প্ৰাণে মৰাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে জাকিৰ হুছেইনে । ব্যাক্তি কবৰস্থানৰ ৯০ লেচা মাটি বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জাকিৰ হুছেইনে । সেয়ে চৰকাৰে যাতে ন্যায় প্ৰদান কৰে তাৰেই কামনা কৰিছে জাকিৰ হুছেইনে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande