মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ লোকৰ সহায়ৰ বাবে অসম আৰক্ষীৰ হেল্পলাইন নম্বৰ মুকলি
গুৱাহাটী,২১আগষ্ট (হি.স.)। মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ লোকৰ সহায়ৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ। উক্ত হেল্পলাইন নম্বৰ কেইটা হল ক্ৰমে ৯১৮১০১৪৮৮৮ (হোৱাটছ আপ) আৰু ০৩৬১২৩৮১৫১১ (লেণ্ডলাইন নম্বৰ)। মেঘালয়ৰ শেহতীয়া পৰিস্থিতিৰ পৰি
অসম আৰক্ষীৰ লোগো


গুৱাহাটী,২১আগষ্ট (হি.স.)। মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ লোকৰ সহায়ৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ। উক্ত হেল্পলাইন নম্বৰ কেইটা হল ক্ৰমে ৯১৮১০১৪৮৮৮ (হোৱাটছ আপ) আৰু ০৩৬১২৩৮১৫১১ (লেণ্ডলাইন নম্বৰ)।

মেঘালয়ৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা নাইবা যাতায়তৰ সমস্যাত পৰা অসমৰ লোক সকলক সহায় কৰাৰ উদ্দেশ্যে অসম চৰকাৰে অসম আৰক্ষীৰ জৰিয়তে উল্লেখ কৰা হেল্পলাইন নম্বৰকেইটা আৰম্ভ কৰিছে।

মেঘালয়ত আবদ্ধ হৈ থকা কোনো ব্যক্তি বা বাহনৰ বিষয়ে তথ্য থকা পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন অথবা যিকোনো ব্যক্তিয়ে এই হেল্পলাইন নম্বৰসমূহৰ জৰিয়তে উপলব্ধ তথ্য প্ৰদান কৰিব পাৰিব । ব্যক্তিজনৰ নাম, যোগাযোগ নম্বৰ, বাহনৰ নম্বৰ, বৰ্তমানৰ অৱস্থান আৰু উপলব্ধ অন্যান্য তথ্যসমূহ সমন্বয় আৰু সহায়ৰ বাবে প্ৰদান কৰিব পাৰিব।

এনে তথ্য মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষ, স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সৈতে তৎপৰতাৰে আলোচনা কৰি প্ৰয়োজনীয় সহায়ৰ ব্যৱস্থা কৰা হ’ব।

অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে আৰু সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক সকলো সম্ভৱপৰ সহায় আগবঢ়োৱা হব । আজি অসম আৰক্ষীৰ তৰফৰ পৰা সাংবাদিকক এই সন্দৰ্ভত জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande