
শোণিতপুৰ, ২১ আগষ্ট (হি.স.) অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ অষ্টসপ্ততিতম দ্বিবার্ষিক দুলীয়াজান অধিৱেশনখন পূৰ্বৰ নিৰ্ধাৰিত তাৰিখ অনুসৰি ২০২৭ বৰ্ষৰ ৩১ জানুৱাৰী, ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাৰ দুলীয়াজানত অনুষ্ঠিত হ'ব। অসমৰ জাতীয় জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ এই অধিৱেশনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সাহিত্যপ্রেমী, প্রতিনিধি, লেখক, কবি, সাহিত্যিক, শিক্ষক-শিক্ষয়িত্রী, শিল্পী, সাংস্কৃতিক কর্মী আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সমাগম ঘটিব। অধিৱেশনখন কেৱল এটা সাংগঠনিক সমাৱেশ নহয়, বৰং অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু জাতীয় জীৱনৰ বিভিন্ন দিশক লৈ মত-বিনিময়, আলোচনা আৰু সাংস্কৃতিক সমন্বয়ৰ এক বৃহৎ মঞ্চ হিচাপে পৰিগণিত হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আজি প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত কয় যে- অসম চৰকাৰৰ শিক্ষা বিভাগে শেহতীয়াকৈ জাৰি কৰা জাননী অনুসৰি তৃতীয় স্তৰৰ গুণোৎসৱ ২০২৭ বৰ্ষৰ ২, ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ ১০খন জিলাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। একে সময়তে অসম সাহিত্য সভাৰ অধিৱেশন আৰু তৃতীয় স্তৰৰ গুণোৎসৱৰ কাৰ্যসূচীয়ে শিক্ষক সমাজ, বিদ্যালয়সমূহ তথা অধিৱেশনৰ সাংগঠনিক ব্যৱস্থাপনাত অসুবিধাৰ সৃষ্টি হোৱাৰ আশংকা প্রকাশ কৰি গুণোৎসৱৰ সময়সূচী পুনৰ বিবেচনা কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে অসম সাহিত্য সভাই।
স্মাৰক-পত্ৰখনত উল্লেখ কৰা হয় যে- গুণোৎসৱৰ দৰে শিক্ষা ব্যৱস্থাৰ মান উন্নয়নৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচীত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সক্রিয় ভূমিকা থাকে। আনহাতে, অসম সাহিত্য সভাৰ অধিৱেশনখনৰ সফল আয়োজন আৰু বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰতো শিক্ষক সমাজৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ। ৰাজ্যখনৰ বহু শিক্ষক-শিক্ষয়িত্ৰী অসম সাহিত্য সভাৰ সৈতে দীর্ঘদিন ধৰি প্ৰত্যক্ষভাবে জড়িত হৈ আছে আৰু অধিৱেশনৰ বিভিন্ন সাংগঠনিক, শৈক্ষিক, সাহিত্যিক তথা সাংস্কৃতিক কার্যসূচীত তেওঁলোকে দায়িত্ব পালন কৰি আহিছে। সেয়ে গুণোৎসৱৰ দায়িত্বত নিয়োজিত শিক্ষকসকলে যদি একে সময়তে অধিৱেশনত অংশগ্রহণ কৰিবলগীয়া হয়, তেন্তে তেওঁলোক দুটা গুৰুত্বপূৰ্ণ দায়িত্বৰ মাজত বিভক্ত হোৱাৰ সম্ভাৱনা আছে। ফলত গুণোৎসৱৰ দায়িত্ব পালনত যেনেদৰে অসুবিধাৰ সৃষ্টি হ'ব পাৰে, তেনেদৰে অসম সাহিত্য সভাৰ অধিৱেশনৰ বিভিন্ন কাৰ্যসূচী পৰিচালনাতো প্রয়োজনীয় সংখ্যক শিক্ষক আৰু প্ৰতিনিধিৰ অভাৱ ঘটিব পাৰে বুলি সভাই আংশকা প্রকাশ কৰিছে। বিশেষকৈ ডিব্ৰুগড় জিলাত একে সময়তে দুয়োটা কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ ফলত স্থানীয় প্রশাসন, বিদ্যালয়সমূহ, শিক্ষক-শিক্ষয়িত্রী আৰু অধিৱেশনৰ আয়োজকসকলৰ ওপৰতো অতিৰিক্ত সাংগঠনিক চাপ পৰাৰ সম্ভাৱনা আছে। অধিৱেশনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্রতিনিধি আৰু অতিথিসকলৰ যাতায়াত, থকা-খোৱা, সভা-সমিতি, সাংস্কৃতিক অনুষ্ঠান, শৈক্ষিক কাৰ্যসূচী আদি সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত স্থানীয় শিক্ষক সমাজৰ সহযোগিতা অত্যন্ত প্রয়োজনীয়। সভাৰ এই আহ্বান কোনো চৰকাৰী শিক্ষা কাৰ্যসূচীৰ বিৰোধিতা নহয়। গুণোৎসৱ ৰাজ্যৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মান নিৰূপণ আৰু গুণগত উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সেয়েহে গুণোৎসৱৰ সফল ৰূপায়ণৰ ক্ষেত্ৰতো শিক্ষক সমাজে যাতে সম্পূর্ণ মনোযোগেৰে দায়িত্ব পালন কৰিব পাৰে, সেই দিশটোৰ প্ৰতিও অসম সাহিত্য সভা সচেতন। অসম সাহিত্য সভা কেৱল সাহিত্যিকসকলৰ এক অনুষ্ঠান নহয়। অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সংৰক্ষণ, বিকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰত শতাধিক বছৰ ধৰি সভাই এক গুৰুত্বপূৰ্ণ জাতীয় দায়িত্ব পালন কৰি আহিছে। সভাৰ অধিৱেশনসমূহ অসমৰ জাতীয় জীৱনৰ একো একোটা ঐতিহাসিক পর্ব হিচাপে বিবেচিত হৈ আহিছে। সেয়েহে দুলীয়াজানত অনুষ্ঠিত হ'বলগীয়া অষ্টসপ্ততিতম দ্বিবার্ষিক অধিৱেশনখনো জাতীয় জীৱনৰ বাবে বিশেষ তাৎপর্যপূর্ণ। আজি অসম সাহিত্য সভাই মুখ্যমন্ত্ৰীক অনুৰোধ জনাই প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰে যে- দুলীয়াজান অধিৱেশনৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ নিৰ্ধাৰিত সময়ছোৱাৰ সৈতে যাতে তৃতীয় স্তৰৰ গুণোৎসৱৰ সময়সূচীৰ সংঘাত নহয়, সেইদিশটো সহানুভূতিৰে বিবেচনা কৰে যেন। অসম সাহিত্য সভাই আশা কৰে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত এই সময়সূচী পুনৰ বিবেচনা কৰি শিক্ষক সমাজে একে সময়তে শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ দায়িত্ব আৰু জাতীয় অনুষ্ঠানৰ প্ৰতি থকা দায়িত্ব-দুয়োটাই নিষ্ঠা আৰু দায়বদ্ধতাৰে পালন কৰাৰ সুযোগ লাভ কৰিব।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ