গোলকগঞ্জত পঞ্চায়ত সদস্যাৰ স্বামী দুৰ্নীতিত জৰিতৰ অভিযোগ
ধুবুৰী, ২১ আগষ্ট (হি.স.)। গোলকগঞ্জ বিধানসভা সমষ্টিত পঞ্চায়ত সদস্যাৰ স্বামীয়ে কৰিছে ব্যাপক দুৰ্নীতি । আগমনি উন্নয়ন খণ্ডৰ অন্তৰ্গত ছাগলীয়া গাঁও পঞ্চায়তৰ সদস্যাৰ স্বামীৰ বিৰুদ্ধে এই দুৰ্নীতিৰ অভিযোগ । বিদ্যাৰডাবৰী প্ৰথম খণ্ডৰ সদস্যা মফিদা বিবিৰ স
গোলকগঞ্জত পঞ্চায়ত সদস্যাৰ স্বামী দুৰ্নীতিত জৰিতৰ অভিযোগ


ধুবুৰী, ২১ আগষ্ট (হি.স.)। গোলকগঞ্জ বিধানসভা সমষ্টিত পঞ্চায়ত সদস্যাৰ স্বামীয়ে কৰিছে ব্যাপক দুৰ্নীতি । আগমনি উন্নয়ন খণ্ডৰ অন্তৰ্গত ছাগলীয়া গাঁও পঞ্চায়তৰ সদস্যাৰ স্বামীৰ বিৰুদ্ধে এই দুৰ্নীতিৰ অভিযোগ । বিদ্যাৰডাবৰী প্ৰথম খণ্ডৰ সদস্যা মফিদা বিবিৰ স্বামী ৱাহেদ আলী সৰকাৰে গাওঁ খনৰ চৰকাৰী গৃহত নাম সন্নিবিষ্ট হোৱা একাংশ হিতাধিকাৰীৰ পৰা ঘৰ দিয়াৰ বাবদ ১০০০ ৰ পৰা ৫০০০ হাজাৰকৈ ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

গাওঁ খনৰ আব্দুছ ছালাম নামৰ ব্যক্তি এজনে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ লাভ কৰে । আব্দুছ ছালামৰ গৃহৰ প্ৰায় ২০,০০০ টকা ৱাহেদ আলী সৰকাৰে নিজৰ কামৰ টকা বুলি কৈ লুটি নিয়াৰ অভিযোগ । পিছত আব্দুছ ছালামে আগমনি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা তথ্য সংগ্ৰহ কৰাৰ পিছতহে নিজৰ চৰকাৰী গৃহৰ টকা বুলি জানিব পায় । পঞ্চায়ত সদস্যাৰ স্বামীৰ পৰা টকা ওভোতাই বিচৰাত ৱাহেদ আলী সৰকাৰে বিভিন্ন অজুহাত দেখুৱাব ধৰে।

পিছত উপায়ন্তৰ হৈ যোৱা ১০ আগষ্ট তাৰিখে আব্দুছ ছালামে ৱাহেদ আলী সৰকাৰৰ বিৰুদ্ধে ধন বিচাৰি ছাগলীয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । কিন্তু ছাগলীয়া আৰক্ষীয়ে বৰ্তমানলৈকে বিদ্যাৰডাবৰী প্ৰথম খণ্ডৰ সদস্যা মফিদা বিবিৰ স্বামী ৱাহেদ আলী সৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ আন এক গুৰুতৰ অভিযোগ । অসম চৰকাৰ, পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী, স্থানীয় বিধায়ক তথা মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ তথা ধুবুৰী জিলা আয়ুক্ত এইক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande