
গুৱাহাটী, ২১ আগষ্ট (হি.স.)। শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈ ডাঙৰীয়াৰ বিগত কিছুদিন ধৰি তেখেতৰ যি বক্তব্য আৰু ব্যৱহাৰ সেয়া এগৰাকী জনপ্রতিনিধিৰ লক্ষণ নহয় আৰু তেওঁৰ এই ব্যৱহাৰক গৰিহণা দিছে অসম প্রদেশ বিজেপিয়ে।
অখিল গগৈয়ে হয়তো পাহৰিছে যে তেওঁ এতিয়া এজন আন্দোলনকাৰী নেতা নহয় বৰঞ্চ শিৱসাগৰৰ নিছিনা এটা ঐতিহ্যমণ্ডিত সমষ্টিৰ বিধায়ক। এইবাৰ উজনি অসমত অহা প্রলয়ংকাৰী বানৰ সময়ৰ পৰাই দেখা গৈছে যে এনে দুর্যোগৰ সময়তো অখিল গগৈয়ে নিকৃষ্ট ৰাজনীতি এৰিব পৰা নাই। বিজেপি দলৰ প্ৰতিজন নেতা কর্মীয়ে এই দুর্যোগৰ সময়ত যিদৰে ৰাইজৰ কাষত থাকি কাম কৰি আছে সেয়া ৰাইজে নিজেই উপলদ্ধি কৰিছে। কিন্তু ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে বিভিন্ন সময়ত আমাৰ সন্মানীয় মন্ত্রী, বিধায়কসকলৰ বিৰুদ্ধে বহুতো কটু মন্তব্য কৰা দেখা গৈছে। বানপানীৰ সময়ত সকলোতকৈ বেছি ক্ষতিগ্রস্ত সমষ্টি নাজিৰাত আমাৰ সন্মানীয় বিধায়ক তথা যুৱ নেতা ময়ূৰ বৰগোঁহাইয়ে দিনে-নিশাই ৰাইজৰ মাজত থাকি সেৱা আগবঢ়াই লৈ গৈছে কিন্তু ৰাইজৰ দলৰ নেতা-কর্মীসকলে নিজেটো একো কৰাই নাই, ওলোটা ময়ূৰ বৰগোঁহাইক সমালোচনা কৰাতহে ব্যস্ত দেখা গৈছে।
আনকি যিটো সময়ত অখিল গগৈ ডাঙৰীয়াৰ নিজ সমষ্টি শিৱসাগৰত আমাৰ মন্ত্ৰী বিমল বড়া, বিধায়ক ধমেশ্বৰ কোঁৱৰকে আদি কৰি বিজেপি দলৰ কৰ্মীসকলকহে ৰাইজৰ মাজত বেছিকৈ দেখা পোৱা গৈছে, অখিল গগৈয়ে কিন্তু ফেচবুকৰ ৰীল বনোৱাতহে ব্যস্ত আছে বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সম্পাদক লক্ষ্য কোঁৱৰে।
ইয়াৰ উপৰিও যোৱাকালি অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰত অনুষ্ঠিত হোৱা চৰকাৰী সভাত অভদ্রতাৰ সকলো সীমা চেৰাই গৈ জিলা উপায়ুক্তৰ সন্মুখত যি ব্যৱহাৰ কৰিলে সেয়া অতিকৈ নিন্দনীয় আৰু অসম বিজেপিয়ে ইয়াক তীব্ৰ গৰিহণা জনাইছে বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সম্পাদক লক্ষ্য কোঁৱৰে। তেওঁ লগতে কয় যে, অখিল গগৈ ডাঙৰীয়াই কালি যিদৰে শিৱসাগৰ সমষ্টিৰ বিদ্যালয় সমূহত হ'বলগীয়া উন্নয়নমূলক কাম-কাজত যদি বিজেপিৰ কোনো কর্মীয়ে হস্তক্ষেপ কৰে তেতিয়া বিজেপি কর্মীক পিতন দিম বুলি মন্তব্য কৰে সেয়া গণতন্ত্ৰৰ বাবেই এক অশুভলক্ষণ। গণতান্ত্রিক দেশত সকলো নাগৰিকৰ অধিকাৰ আছে যে ৰাজহুৱা অনুষ্ঠানত হোৱা কাম-কাজৰ খতিয়ান ল'ব পাৰে আৰু বিজেপিৰ কৰ্মীসকলো একো একোজন নাগৰিক গতিকে অখিল গগৈৰ এই মন্তব্য তেওঁৰ হতাশাগ্রস্ততাৰ বর্হিঃপ্রকাশ। লগতে অখিল গগৈ ডাঙৰীয়াই সঘনাই উচ্চাৰণ কৰি থকা দালাল শব্দটি এতিয়া তেওঁৰ নিজ দলবে নেতাৰ ক্ষেত্ৰত প্রযোজ্য বুলি মন্তব্য কৰে লক্ষ্য কোঁৱৰে আৰু লগতে তেওঁ কয় যে বেলেগক দালালী কৰি থকা বুলি অভিযোগ কৰি থকা অখিল গগৈয়ে এতিয়া নিজ দলৰে নেতাক দালালীৰ অভিযোগত অব্যাহতি দিব লগা পৰিস্থিতি আহি পৰিছে। বিজেপি কর্মীসকলৰ প্ৰতি কৰা এনে অসভ্য আচৰণৰ বাবে অখিল গগৈয়ে অনতি পলমে ৰাজহুৱাকৈ ক্ষমা বিচাৰক অন্যথা তেওঁৰ বিৰুদ্ধে বিজেপি দলে গণতান্ত্রিক আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য হ'ব বুলি ব্যক্ত কৰে বিজেপিৰ ৰাজ্যিক সম্পাদক লক্ষ্য কোঁৱৰে।
অসম প্রদেশ বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্রকাশিত এক প্ৰেছ বিবৃতিত ৰাজ্যিক মিডিয়া পেনেলিষ্ট কৌশিক পাল দাসে জনাই যে অখিল গগৈয়ে বিজেপি কর্মীসকলক কৰা অপমানসূচক মন্তব্যৰ প্ৰতিবাদত বিজেপিৰ শিৱসাগৰ জিলা সমিতিয়ে অহা কাইলৈ শিৱসগাৰত এক প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী