লিফ্টৰ মেৰামতিৰ সময়তে প্ৰায় ছয় মহলৰ পৰা লিফ্টৰ বাটত পৰিল শ্ৰমিক
ডিব্ৰুগড়, ২১ আগষ্ট (হি.স.)। লিফ্টৰ মেৰামতিৰ সময়তে প্ৰায় ছয় মহলৰ পৰা লিফ্টৰ বাটত পৰিল শ্ৰমিক। ডিব্ৰুগড় চহৰৰ চৌকিডিঙ্গীস্থিত পুষ্পধৰ এপাৰ্টমেণ্টত সংঘটিত হয় এক ভয়ংকৰ অঘটন। এপাৰ্টমেণ্টটোৰ লিফ্ট মেৰামতি কৰি থকা অৱস্থাত প্ৰায় ছয় মহলৰ পৰা লিফ্টৰ বাটত প
লিফ্টৰ মেৰামতিৰ সময়তে প্ৰায় ছয় মহলৰ পৰা লিফ্টৰ বাটত পৰিল শ্ৰমিক


ডিব্ৰুগড়, ২১ আগষ্ট (হি.স.)। লিফ্টৰ মেৰামতিৰ সময়তে প্ৰায় ছয় মহলৰ পৰা লিফ্টৰ বাটত পৰিল শ্ৰমিক।

ডিব্ৰুগড় চহৰৰ চৌকিডিঙ্গীস্থিত পুষ্পধৰ এপাৰ্টমেণ্টত সংঘটিত হয় এক ভয়ংকৰ অঘটন। এপাৰ্টমেণ্টটোৰ লিফ্ট মেৰামতি কৰি থকা অৱস্থাত প্ৰায় ছয় মহলৰ পৰা লিফ্টৰ বাটত পৰি গুৰুতৰভাৱে আহত হয় দ্বীপ সোণোৱাল নামৰ এজন শ্ৰমিক।

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী আৰু এছ ডি আৰ এফৰ দল ঘটনাস্থলীত উপস্থিত হৈ সংকটজনক অৱস্থাত শ্ৰমিকজনক উদ্ধাৰ কৰে। আহত শ্ৰমিকজনক উদ্ধাৰৰ বাবে লিফ্টৰ বাটত নামি যোৱা আন দুজন শ্ৰমিকো সেই স্থানতে আবদ্ধ হৈ পৰে। পৰৱৰ্তী সময়ত এছ ডি আৰ এফৰ জোৱানসকলে অভিযান চলাই আবদ্ধ শ্ৰমিক দুজনকো সুকলমে উদ্ধাৰ কৰে।

অভিযোগ অনুসৰি, লিফ্ট মেৰামতিৰ কামত নিয়োজিত শ্ৰমিকসকলক ঠিকাদাৰ মুন্না সিঙে কোনো ধৰণৰ প্ৰয়োজনীয় সুৰক্ষা সঁজুলি প্ৰদান কৰা নাছিল। ফলত কাম কৰি থকাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

ফলত গুৰুতৰভাৱে আহত শ্ৰমিকজনক অৱশেষত অগ্নিনিৰ্বাপক বাহিনীৰ বাহনতে চিকিৎসালয়লৈ লৈ যাবলগীয়া হয়।

শ্ৰমিকসকলৰ সুৰক্ষা নিশ্চিত নকৰাকৈ এনে বিপজ্জনক কামত নিয়োজিত কৰাৰ অভিযোগ এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande