
বিশ্বনাথ, ২১ আগষ্ট (হি.স.): মহাৰাষ্ট্ৰৰ পুণেত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি বিশ্বনাথ তথা সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰিয়াসী বৰুৱাই ।
পুনেৰ মাহালু্ংগীত ১৬ আগষ্টৰ পৰা ২১ আগষ্টলৈকে অনুষ্ঠিত হোৱা পঞ্চম ইণ্ডিয়া টাইকোৱাণ্ডো প্ৰতিযোগিতাত বিশ্বনাথ টাইকোৱাণ্ডো একাডেমীৰ প্ৰতিভাবান খেলুৱৈ প্ৰিয়াসী বৰুৱাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । খেলুৱৈ গৰাকী বিশ্বনাথ চাৰিআলিত উপস্থিত হোৱাত স্থানীয় ৰাইজ, বিশ্বনাথ টাইকোৱাণ্ডো একাডেমীৰ শিক্ষাথীৰ লগতে প্ৰশিক্ষক আৰু পৰিয়ালৰ লোকে চতিয়াৰ পৰা আদৰি আনে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ