
গোলাঘাট, ২১ আগষ্ট (হি.স.)। পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ। বৰ্হিৰাজ্যত কৰ্মৰত অৱস্থাত ৰহস্যজনক মৃত্যু গোলাঘাট জিলা ঘিলাধাৰী চাহ বাগিছাৰ গোমধান বাৰীৰ এজন যুৱকৰ৷
নিহত যুৱকজনৰ নাম বিশাল মিৰ্ধা বুলি জানিব পৰা গৈছে৷
যুৱকজন চেন্নাই কয়ম্বটুৰ নেহেৰু নগৰত কৰ্মৰত আছিল৷ নিজা কোঠাত ৰহস্যজনকভাৱে চিপজৰী লৈ থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷ যুৱক জনে কি কাৰণে এইদৰে আত্মহত্যা কৰিবলগীয়া হল, নে এয়া কোনো হত্যাকাণ্ডৰ ঘটনা তাক লৈ এতিয়া পৰিয়ালৰ লোকে আৰক্ষীয়ে উচিত তদন্ত কৰাৰ দাবী জনাইছে। এই ঘটনাৰ পিছত ঘিলাধাৰী চাহ বাগিছাৰ গোমধান বাৰীত শোকৰ ছাঁ পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা