
শিৱসাগৰ, ২১ আগষ্ট (হি.স.)। গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ অভিযান। নগৰ পৰিদৰ্শক দেৱাশীষ শৰ্মা, পাৰ্থ সাৰথি বৰাৰ নেতৃত্বত অভিযান চলাই ৬২ টা চুৰি গৰু সহ ৩ খন বাহন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে আটক কৰিছে ৭ জন লোকক। আৰক্ষীয়ে শিৱসাগৰ প্ৰগতি চাৰিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চুৰি গৰু সহ এ এছ ০১ এ চি ৯৭১৭ , এ এছ ০৩ চি চি ৫৪০০ , এছ ০২ বি চি ৩৫৮১ নম্বৰৰ গাড়ী কেইখন জব্দ কৰে।
লগতে জালালুদ্দিন, নুৰ মহম্মদ, আৰ্ছাদ খান, হৰিচুদ্দিন, তফজ্জুল ইছলাম, চ'নু আলি আৰু ৰিয়াজ উদ্দিনক আটক কৰে। তিনিচুকীয়া বৰডুমচাৰ পৰা নগাঁও আৰু নুমলিগড়ৰ বিহৰালৈ চোৰাং গৰু সমূহ নি থাকোঁতেই আৰক্ষীৰ জালত পৰে। লক্ষ্যণীয় যে চোৰাং গৰু সৰবৰাহ কৰা বাহন তিনিখনক এখন বগা ৰঙৰ ফৰ্চুনা গাড়ীৰে এছকৰ্ট দি অনা বুলি স্বীকাৰ কৰিছে চুৰি গৰু সৰবৰাহ কৰা লোক কেইজনে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু