বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ত শুভাৰম্ভ ৩৪ সংখ্যক ৰাষ্ট্ৰীয় মহিলা ফুটবল প্ৰতিযোগিতা
বিশ্বনাথ, ২১ আগষ্ট (হি.স.)। বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ত শুভাৰম্ভণি হ''ল ৩৪ সংখ্যক ৰাষ্ট্ৰীয় মহিলা ফুটবল প্ৰতিযোগিতাৰ । শুভাৰম্ভণি অনুষ্ঠানত জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ, ৰাজ্যৰ প্ৰাক্তন খ্যাতনামা ফুটবলাৰ মলং আও, সংগীত নাটক একাডেমী বঁটা প্ৰা
বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ত শুভাৰম্ভ ৩৪ সংখ্যক ৰাষ্ট্ৰীয় মহিলা ফুটবল প্ৰতিযোগিতা


বিশ্বনাথ, ২১ আগষ্ট (হি.স.)। বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ত শুভাৰম্ভণি হ'ল ৩৪ সংখ্যক ৰাষ্ট্ৰীয় মহিলা ফুটবল প্ৰতিযোগিতাৰ । শুভাৰম্ভণি অনুষ্ঠানত জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ, ৰাজ্যৰ প্ৰাক্তন খ্যাতনামা ফুটবলাৰ মলং আও, সংগীত নাটক একাডেমী বঁটা প্ৰাপক সুবোধ পাটনায়ক প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

অনুষ্ঠানত ভাষণ প্ৰসংগত জিলা আয়ুক্ত গৰাকীয়ে কয়, এই প্ৰতিযোগিতাৰ দ্বাৰা ছাত্ৰী সকলে ক্ৰীড়া প্ৰতিভা বিকাশৰ এক মঞ্চ লাভ কৰিব । উল্লেখ্য যে প্ৰতিযোগিতাত চন্দিগড়, পাটনা, হাইদৰাবাদ, পুনে, জয়পুৰ, ভুৱনেশ্বৰ, আহমেদাবাদ, মেঘালয় আদিকে ধৰি ১০ টা অঞ্চলৰ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈ সকলে তেওঁলোকৰ পাৰদৰ্শিতা অনুসৰি নিজৰ ৰাজ্যিক দলত খেলিবলৈ সুযোগ লাভ কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা প্ৰতিযোগিতা খন ২২ আগষ্ট তাৰিখে সামৰণি পৰিব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande