চতিয়াত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত উদযাপিত চতিয়া দিৱস
স্বাধীনতা সংগ্ৰামত চতিয়াৰ ৰাইজৰ ত্যাগ আৰু বীৰত্ব আছিল দেশৰ ভিতৰতেই অনন্য বিশ্বনাথ, ২০ আগষ্ট (হি.স.)। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত আৰু চতিয়াৰ ৰাইজৰ সহযোগত আজি চতিয়াত উদযাপন কৰা হল চতিয়া দিৱস।
চতিয়াত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত উদযাপিত চতিয়া দিৱস


স্বাধীনতা সংগ্ৰামত চতিয়াৰ ৰাইজৰ ত্যাগ আৰু বীৰত্ব আছিল দেশৰ ভিতৰতেই অনন্য

বিশ্বনাথ, ২০ আগষ্ট (হি.স.)। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত আৰু চতিয়াৰ ৰাইজৰ সহযোগত আজি চতিয়াত উদযাপন কৰা হল চতিয়া দিৱস। পুৱা ৯বজাত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ হোৱাৰ পাছত স্থানীয় নীলিমা ভৱণত অনুষ্ঠিত হয় মূল সভা। ১৯১৩চনতে স্থাপিত হোৱা চতিয়া থানাত কিদৰে স্বাধীনতা সংগ্ৰামীয়ে বৃটিছৰ ইউনিয়ন জেক নমাই ভাৰতীয় ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল তাৰ ওপৰত যুগুত কৰা এখন আলেখ্য প্ৰদৰ্শন কৰা হয়।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বৰাই ইংৰাজৰ বিৰুদ্ধে সমগ্ৰ দেশতে আৰাম্ভ হোৱা স্বাধীনতা সংগ্ৰামত চতিয়া ৰাইজ অসীম ত্যাগ শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে দেশৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাৰ চতিয়া থানাত বৃটিছৰ পতাকা নমাই ভাৰতীয় ত্ৰিৰংগ উত্তোলন কৰাটোৱে চতিয়াৰ ৰাইজৰ দেশপ্ৰেম আৰু বীৰত্ব কিমান আছিল সেই কথাকেই প্ৰমান কৰে বুলিও মন্তব্য কৰে। চতিয়া দিৱস কাৰ্যসূচীত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই চতিয়া দিৱসৰ তাৎপৰ্য বাখ্যা কৰি ভাষণ আগবঢ়াই। ।

উল্লেখ্য যে ১৯৪২চনৰ ২০ আগষ্ট তথা আজিৰ দিনটোতে চতিয়া থানাত বৃটিছৰ ইউনিয়ন জেক নমাই হাজাৰ হাজাৰ স্বাধীনতা সংগ্ৰামীয়ে ভাৰতীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰিছিল। ২০২৪ চনত চৰকাৰৰ ফালৰ পৰাও চতিয়া দিৱসক স্বীকৃতি প্ৰদান কৰাত যোৱা বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এই দিৱস পালন কৰি অহা হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande