কামৰূপৰ বংশৰ ভেলামাৰী নদীত যুৱক সন্ধানহীন
Assam, 20 আগষ্ট (হি.স.)। কামৰূপৰ বংশৰ ভেলামাৰী নদীত যুৱক সন্ধানহীন। নিশাৰে পৰা সন্ধানহীন হৈ আছে প্ৰাঞ্জল নাথ নামৰ সৰবৰহী যুৱক জন। নদীৰ পাৰত উদ্ধাৰ হৈছে প্ৰাঞ্জলে পৰিধান কৰা হাৱাই চেণ্ডেল আৰু স্কুটী। মৃত্যুৰ পূৰ্ৱে সমনীয়াক ফোনত আত্মহত্যা
কামৰূপৰ বংশৰ ভেলামাৰী নদীত যুৱক সন্ধানহীন


Assam, 20 আগষ্ট (হি.স.)। কামৰূপৰ বংশৰ ভেলামাৰী নদীত যুৱক সন্ধানহীন।

নিশাৰে পৰা সন্ধানহীন হৈ আছে প্ৰাঞ্জল নাথ নামৰ সৰবৰহী যুৱক জন।

নদীৰ পাৰত উদ্ধাৰ হৈছে প্ৰাঞ্জলে পৰিধান কৰা হাৱাই চেণ্ডেল আৰু স্কুটী।

মৃত্যুৰ পূৰ্ৱে সমনীয়াক ফোনত আত্মহত্যা কৰিম বুলি কৈছিল প্ৰাঞ্জলে।

প্ৰেমৰ বাবে যুৱক জনে আত্মহত্যাৰ কৰাৰ সন্দেহ স্থানীয় ৰাইজ আৰু বন্ধু বৰ্গৰ ।

যুৱক জনে বংশৰ বৰবাৰী অঞ্চলৰ এগৰাকী যুৱতীৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক।

কালি সন্ধিয়া প্ৰেমিকাৰ সৈতে হৈছিল মতান্তৰ।

যাৰবাবে সমনীয়াক ফোন কৰি আত্মহত্যাৰ কথা কৈছিল যুৱক জনে।

শুৱালকুছি আৰক্ষীয়ে খৱৰ পোৱাৰ পিছতে

ঘটনাস্থলীত আৰক্ষী আৰু এনডিআৰএফ বাহিনী উপস্থিত হৈ যুৱকজনৰ সন্ধানত চলাইছে উদ্ধাৰ অভিযান।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande