শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিশ্ব মহৰ দিৱস পালন
শোণিতপুৰ, ২০ আগষ্ট (হি.স.)। মহৰ দ্বাৰা সংক্ৰমিত বিভিন্ন ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা আৰু এই ৰোগসমূহৰ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিশ্ব মহৰ দিৱস
শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিশ্ব মহৰ দিৱস পালন


শোণিতপুৰ, ২০ আগষ্ট (হি.স.)। মহৰ দ্বাৰা সংক্ৰমিত বিভিন্ন ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা আৰু এই ৰোগসমূহৰ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিশ্ব মহৰ দিৱস পালন কৰা হয়। জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান আৰু ক্ষেত্ৰভিত্তিক অঞ্চলত স্বাস্থ্যকৰ্মী আৰু স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

এই উপলক্ষে ভেক্টৰ-বাহিত ৰোগ (Vector-Borne Diseases – VBDs) সম্পৰ্কে সজাগতামূলক সভা অনুষ্ঠিত কৰি ৰাইজক মহৰ দ্বাৰা সংক্ৰমিত ৰোগসমূহৰ সংক্ৰমণৰ পদ্ধতি, লক্ষণ, প্ৰতিৰোধ, সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বিষয়ে অৱগত কৰা হয় লগতে মহৰ বংশবৃদ্ধিৰ স্থান চিনাক্তকৰণ আৰু ধ্বংস কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ঘৰৰ চৌহদ আৰু ৰাজহুৱা স্থানত পানী জমা নোহোৱাকৈ ৰখা, পানীৰ পাত্ৰ ঢাকি ৰখা, আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে জনসাধাৰণক আহ্বান জনোৱা হয়।

বিশ্ব মহৰ দিৱসৰ অংশ হিচাপে Blood Slide Collection আৰু ITBN (Insecticide-Treated Bed Net) সম্পৰ্কীয় কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। Blood Slide Collection-ৰ জৰিয়তে ভেক্টৰ-বাহিত ৰোগৰ আগতীয়া চিনাক্তকৰণত সহায় কৰাৰ লগতে ITBN ব্যৱহাৰৰ জৰিয়তে ৰাতিৰ সময়ত মহৰ কামোৰৰ পৰা নিজকে সুৰক্ষিত ৰখাৰ বিষয়ে ৰাইজক সজাগ কৰা হয়। স্বাস্থ্যকৰ্মীসকলে মহৰ কামোৰৰ পৰা সুৰক্ষা পাবলৈ নিয়মিতভাৱে আঠুৱা ব্যৱহাৰ, সম্পূৰ্ণ শৰীৰ ঢাকি ৰখা কাপোৰ পৰিধান কৰা আৰু প্ৰয়োজন অনুসৰি উপযুক্ত মশা প্ৰতিৰোধক ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়ায়।

সজাগতামূলক কাৰ্যসূচীসমূহত ৰাইজৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ভেক্টৰ-বাহিত ৰোগৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ কেৱল স্বাস্থ্য বিভাগৰ প্ৰচেষ্টাই যথেষ্ট নহয় ইয়াৰ বাবে ব্যক্তি, পৰিয়াল, বিদ্যালয়, স্থানীয় সম্প্ৰদায় আৰু বিভিন্ন বিভাগৰ সমন্বিত সহযোগিতা অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰা হয়।

এই কাৰ্যসূচীৰ জৰিয়তে শোণিতপুৰ জিলাত ভেক্টৰ-বাহিত ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে চলি থকা ক্ষেত্ৰভিত্তিক কাম-কাজ অধিক শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হয়। বিশ্ব মহৰ দিৱসৰ এই পালন কাৰ্যসূচীয়ে এখন পৰিষ্কাৰ, স্বাস্থ্যকৰ আৰু মহৰ পৰা সুৰক্ষিত শোণিতপুৰ গঢ়ি তোলাৰ বাবে সামূহিকভাৱে কাম কৰাৰ প্ৰতি সকলোকে উৎসাহিত কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande