প্ৰশাসনৰ লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে সৈমান ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰতিবাদী ছাত্ৰ সমাজ
গোৱালপাৰা, ২০আগষ্ট (হি.স.)। অৱশেষত প্ৰশাসনৰ লিখিত প্ৰতিশ্ৰুতি। লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে সৈমান ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰতিবাদী ছাত্ৰ সমাজ । ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে মহাবিদ্যালয় খনত এগৰাকী স্থায়ী অধ্যক্ষ নিযুক্তি, মহ
প্ৰশাসনৰ লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে সৈমান ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰতিবাদী ছাত্ৰ সমাজ


গোৱালপাৰা, ২০আগষ্ট (হি.স.)। অৱশেষত প্ৰশাসনৰ লিখিত প্ৰতিশ্ৰুতি। লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে সৈমান ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰতিবাদী ছাত্ৰ সমাজ । ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে মহাবিদ্যালয় খনত এগৰাকী স্থায়ী অধ্যক্ষ নিযুক্তি, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পদত্যাগৰ দাবীকে ধৰি মহাবিদ্যালয় খনৰ কেতবোৰ গুৰুত্বপূৰ্ণ অভাৱ পুৰণৰ দাবীৰ ভিত্তিত কালি নিশা ১০.০০ বজালৈ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে অনাহাৰে থাকিও মহাবিদ্যালয় চৌহদত অব্যাহত ৰাখিছিল তীব্ৰ আন্দোলন ।

দুদিন ধৰি অব্যাহত থকা মহাবিদ্যালয় খনৰ ছাত্ৰ সমাজৰ এই আন্দোলনৰ দাবী সমূহ পূৰণ নকৰালৈকে কলেজ চৌহদতে থাকি ছাত্ৰ ছাত্ৰী সকলে আন্দোলন অব্যাহত ৰাখিব বুলি ছাত্ৰ ছাত্ৰী সকলে দিছিল হুঙ্কাৰ। অৱশেষত উক্ত আন্দোলন স্থলীত উপস্থিত হৈছিল গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰা সম জিলা আয়ুক্ত ৰিতুত্তম বৰা, গোৱালপাৰা জিলাৰ বালিজানা ৰাজহ চক্ৰ বিষয়া ঋতুৰাজ বৰদলৈ, গোৱালপাৰা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰা ভূঞা, গোৱালপাৰা পশ্চিম সম জিলা আৰক্ষী অধীক্ষক অভিলাষ বৰুৱা কে ধৰি ভালেমান উচ্চ পদস্থ বিষয়া।

মহাবিদ্যালয়ৰ ছাত্ৰ সমাজক মহাবিদ্যালয় খনৰ স্থায়ী অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত অহা তিনিদিনৰ ভিতৰত মহাবিদ্যালয় খনৰ স্থায়ী অধ্যক্ষ আসন পুৰাবৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু অহা পাঁচ দিনৰ ভিতৰত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পদত্যাগৰ বিষয়টো সন্দৰ্ভত জিলা প্ৰশাসনে সংশ্লিষ্ট উচ্চ শিক্ষা সঞ্চালকালয়ৰ লগত মধ্যস্থতা কৰিব আৰু এই সমূহ কাৰ্য সম্পাদনৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ৰ লগত অতি সোনকালে এখন সভা অনুষ্ঠিত কৰা হ'ব, যি সভাত এই মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিনিধি উপস্থিত থাকিব বুলি বালিজানা ৰাজহ চক্ৰ বিষয়া ঋতুৰাজ বৰদলৈয়ে এক লিখিত প্ৰতিশ্ৰুতি দিয়ে।

এই লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে সৈমান হয় প্ৰতিবাদী ছাত্ৰ সমাজ। ইপিনে নিশা দহ বজালৈ অনাহাৰে থকা বুলি কৈ দুখ প্ৰকাশ কৰে ছাত্ৰ সমাজে । এনেদৰে অব্যাহত ৰখা এই ছাত্ৰ আন্দোলনৰ প্ৰতিবাদী ছাত্ৰ সমাজে মহাবিদ্যালয় খনৰ প্ৰৱক্তা সকলৰ ওপৰতো দুখেৰে এনেদৰে ক্ষোভ উজাৰে । ইপিনে মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতিয়ে পদত্যাগৰ দাবীটো পূৰণ নহ'লে সভাপতি গৰাকীৰ পদত্যাগৰ দাবীত পুনৰ আন্দোলন কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদী ছাত্ৰ সমাজে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande