প্ৰথম লাডাখ ভ্ৰমণৰ বাবে বৃহস্পতিবাৰে লেহত উপস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰ
শ্ৰীনগৰ, ২০ আগষ্ট (হি.স.)। শ্ৰীনগৰত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক সাক্ষাৎ কৰাৰ পিছত বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰে প্ৰথমবাৰৰ বাবে লাডাখ ভ্ৰমণৰ বাবে লেহত উপস্থিত হয়। গোৰে আজি পুৱা শ্ৰীনগৰৰ পৰা লেহলৈ ৰাওনা হয় বুলি এজন
প্ৰথম লাডাখ ভ্ৰমণৰ বাবে বৃহস্পতিবাৰে লেহত উপস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰ


শ্ৰীনগৰ, ২০ আগষ্ট (হি.স.)। শ্ৰীনগৰত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক সাক্ষাৎ কৰাৰ পিছত বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰে প্ৰথমবাৰৰ বাবে লাডাখ ভ্ৰমণৰ বাবে লেহত উপস্থিত হয়।

গোৰে আজি পুৱা শ্ৰীনগৰৰ পৰা লেহলৈ ৰাওনা হয় বুলি এজন বিষয়াই জনায়। বুধবাৰে শ্ৰীনগৰত উপস্থিত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকীয়ে মুখ্যমন্ত্ৰী ওমৰৰ সৈতে সাক্ষাৎ কৰে। তেওঁ এই বৈঠকক অতি ভাল আৰু আন্তৰিক বুলি অভিহিত কৰে। দক্ষিণ আৰু মধ্য এছিয়াত আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰা গোৰে জম্মু-কাশ্মীৰক ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি অভিহিত কৰে।

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত তেওঁ সাংবাদিকৰ আগত কয়, ইয়াৰ সকলোৱে জনা মতে মই ভাৰতত আমেৰিকাৰ ৰাষ্ট্ৰদূত, আৰু এইটো ভাৰতৰ এটা গুৰুত্বপূৰ্ণ অংশ। মোৰ ইয়াত প্ৰথমবাৰৰ বাবে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande