সোমবাৰৰ পৰা নিৰুদ্দেশ ৰঙিয়াৰ নিজ বড়িগোগ গাঁৱৰ একেটা পৰিয়ালৰ তিনিজনকৈ সদস্য়
কামৰূপ, ২০ আগষ্ট (হি.স.)। যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ ৰঙিয়া সমজিলাৰ অন্তৰ্গত নিজ বড়িগোগ গাঁৱৰ একেটা পৰিয়ালৰ তিনিজনকৈ লোক। পত্নী মাজনী বেগমে দুই সন্তান ক্ৰমে ফাতেমা আখতাৰা আৰু আৰিয়ান আহমেদৰ সৈতে ৰঙিয়া চেপ্তি স্থিত বায়েকৰ ঘৰলৈ যাম বুলি ওলাই গৈছিল
সোমবাৰৰ পৰা নিৰুদ্দেশ ৰঙিয়াৰ নিজ বড়িগোগ গাঁৱৰ একেটা পৰিয়ালৰ তিনিজনকৈ সদস্য়


কামৰূপ, ২০ আগষ্ট (হি.স.)। যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ ৰঙিয়া সমজিলাৰ অন্তৰ্গত নিজ বড়িগোগ গাঁৱৰ একেটা পৰিয়ালৰ তিনিজনকৈ লোক। পত্নী মাজনী বেগমে দুই সন্তান ক্ৰমে ফাতেমা আখতাৰা আৰু আৰিয়ান আহমেদৰ সৈতে ৰঙিয়া চেপ্তি স্থিত বায়েকৰ ঘৰলৈ যাম বুলি ওলাই গৈছিল সোমবাৰে দিনৰ ভাগত।

পৰৱৰ্তী সময়ত নিজ বায়েক আচমা বেগম আৰু আচমা বেগমৰ পুত্ৰ মোজাক্কিৰ আহমেদক লৈ বায়েকৰ ঘৰৰ পৰা ৰঙিয়াৰ এখন চৰকাৰী চিকিৎসালয়লৈ যাম বুলি ওলাই গৈছিল। কিন্তু সেই যোৱা দিন ধৰি আজিলৈ কোনো ধৰণৰ সন্ধান নাই আটাই কেইগৰাকী লোকৰ।পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰে যদিও আজিলৈ কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই লোক কেইজনৰ । উপায়ান্তৰ হৈ বৰ্তমান মাজনী বেগমৰ পৰিয়ালে ৰঙিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। এইফালে বায়েক আচমা বেগমৰ ওপৰত সন্দেহ মাজনী বেগমৰ পৰিয়ালৰ। টকাৰ বাবে বায়েক আচমা বেগমে এনেধৰণৰ কাৰ্য্য সংঘটিত কৰাৰ সন্দেহ পৰিয়াল তথা স্থানীয় লোকৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande