



শোণিতপুৰ, ২০ আগষ্ট (হি.স.) , : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ১৯৪২ চনৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত চতিয়া আৰক্ষী থানাত ত্ৰিৰংগা পতাকা উত্তোলনৰ ঐতিহাসিক ঘটনাৰ স্মৃতিত আজি চতিয়াত চৰকাৰীভাৱে দ্বিতীয় সংখ্যক চতিয়া দিৱস, ২০২৬ পালন কৰা হয়। চতিয়া নাট্য ভৱনত অনুষ্ঠিত মূল কাৰ্যসূচীত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অনুষ্ঠানত নদুৱাৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী পদ্ম হাজৰিকাও উপস্থিত থাকে। অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক শ্ৰী ৰাহুল চন্দ্ৰ দাস, বিশ্বনাথৰ জিলা আয়ুক্তা শ্ৰীমতী কৰবী শইকীয়া কৰণ, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জয়ন্ত কুমাৰ বৰা, নদুৱাৰৰ চিডিচি শ্ৰী মানস কুমাৰ শইকীয়া, শোণিতপুৰৰ এডিচি শ্ৰী জেম্ছে আইন্দ, বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) শ্ৰী দেৱৰ্ষি চৌধুৰী, বিশিষ্ট জ্যেষ্ঠ সাংবাদিক তথা সন্মানীয় অতিথি শ্ৰী অদীপ কুমাৰ ফুকন, চতিয়া পৌৰসভাৰ সভানেত্ৰী শ্ৰীমতী দীপশিখা সন্দিকৈ, জামুগুৰিহাট পৌৰসভাৰ সভানেত্ৰী শ্ৰীমতী পল্লৱিতা মহন্ত, শোণিতপুৰ জিলা পৰিষদৰ উপাধ্যক্ষ শ্ৰী হিতেশ বৰুৱাৰ লগতে স্বাধীনতা সংগ্ৰামী সকলৰ পৰিয়ালৰ সদস্য, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, আমন্ত্ৰিত অতিথি আৰু স্থানীয় নাগৰিকসকল উপস্থিত থাকে।
ইয়াৰ পূৰ্বে পুৱা ঐতিহাসিক চতিয়া আৰক্ষী থানা (সংৰক্ষিত )ৰ ঐতিহাসিক ভৱন প্ৰাংগণত বন্দে মাতৰমেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয়। ইয়াৰ পিছতে শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰী বৰুণ পুৰকায়স্থই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত নদুৱাৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী পদ্ম হাজৰিকা, নদুৱাৰৰ চিডিচি শ্ৰী মানস কুমাৰ শইকীয়া, বৰছলাৰ চিডিচি শ্ৰী ৰাজীৱ সোণোৱাল, শোণিতপুৰৰ এডিচি শ্ৰী জেম্ছে আইন্দ, বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) শ্ৰী দেৱৰ্ষি চৌধুৰী, স্বাধীনতা সংগ্ৰামী সকলৰ পৰিয়ালৰ সদস্য, ছাত্ৰ-ছাত্ৰী, আমন্ত্ৰিত অতিথি আৰু স্থানীয় নাগৰিকসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে অনুষ্ঠানত দ্বাদশ এ পি বি এনৰ বেণ্ডে বন্দে মাতৰম আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। পতাকা উত্তোলনৰ পিছতে চতিয়াত সংঘটিত ঐতিহাসিক ঘটনাৰ সৈতে জড়িত স্বাধীনতা সংগ্ৰামী সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা প্ৰয়াত স্বাধীনতা সংগ্ৰামী শ্ৰী ডিম্বেশ্বৰ হাজৰিকাৰ কন্যা শ্ৰীমতী ৰাণী কাকতি হাজৰিকাৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামৰ সময়ত দেশৰ বাবে ত্যাগ স্বীকাৰ কৰা বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আনহাতে, চতিয়া নাট্য ভৱনত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মাননীয় মন্ত্ৰী শ্ৰী বিমল বৰাই স্বাধীনতা আন্দোলনৰ সময়ত ১৯৪২ চনত ইউনিয়ন জেক নমাই ভাৰতীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰা চতিয়া আৰক্ষী থানাৰ ঐতিহাসিক তাৎপৰ্যৰ কথা সোঁৱৰণ কৰে। তেওঁ এই ঐতিহাসিক ঘটনাৰ সৈতে জড়িত গৌৰৱ আৰু ঐতিহ্যৰ কথা উল্লেখ কৰি কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এনে ঐতিহাসিক মুহূৰ্ত সমূহ সোঁৱৰণ কৰাটোৱে নৱপ্ৰজন্মক দেশৰ এক উজ্জ্বল ভৱিষ্যৎ গঢ়াৰ দিশত অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰে। তেওঁ চতিয়াত সাহস আৰু ত্যাগৰ পৰিচয় দিয়া স্বাধীনতা সংগ্ৰামী সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে তেওঁলোকৰ অৱদানে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদানৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায় সংযোজন কৰিছে।
এই উপলক্ষে ভাষণ প্ৰদান কৰি নদুৱাৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী পদ্ম হাজৰিকাই কয় যে ২০২২ চনৰ পৰা চতিয়াৰ ৰাইজে স্থানীয়ভাৱে চতিয়া দিৱস পালন কৰি আহিছে। তেওঁ উল্লেখ কৰে যে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ২০ আগষ্ট, ২০২৫ তাৰিখৰ পৰা আনুষ্ঠানিকভাৱে চতিয়া দিৱস পালন কৰিবলৈ আৰম্ভ কৰে আৰু প্ৰথমটো চৰকাৰীভাৱে আয়োজিত অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে উপস্থিত থাকি অনুষ্ঠানৰ শোভা বৰ্ধন কৰে। তেওঁ কয় যে চতিয়া দিৱসৰ আনুষ্ঠানিক স্বীকৃতিয়ে চতিয়াৰ ঐতিহাসিক ঐতিহ্য সংৰক্ষণ আৰু নৱপ্ৰজন্মৰ মাজত ইয়াৰ প্ৰচাৰৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰিছে।
বিশিষ্ট জ্যেষ্ঠ সাংবাদিক শ্ৰী অদীপ কুমাৰ ফুকনে তেওঁৰ ভাষণত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ এক তত্ত্বগধুৰ বিৱৰণ দাঙি ধৰি এই সংগ্ৰামত অসমৰ বিশদ অৱদানৰ লগতে বিশেষকৈ চতিয়া আৰু ইয়াৰ কাষৰীয়া অঞ্চল সমূহে পালন কৰা ঐতিহাসিক ভূমিকাৰ বিষয়ে আলোকপাত কৰে। তেওঁ অঞ্চলটোৰ জনসাধাৰণৰ সাহস, ত্যাগ আৰু স্বাধীনতা আন্দোলনত তেওঁলোকৰ অংশগ্ৰহণৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰি চতিয়াৰ ঐতিহাসিক ঘটনা সমূহক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বৃহত্তৰ প্ৰেক্ষাপটত উপস্থাপন কৰে। মূল কাৰ্যসূচীৰ অংশ হিচাপে ১৯৪২ চনৰ ২০ আগষ্টৰ ঐতিহাসিক ঘটনাৰ আধাৰত শ্ৰী মৃণাল গোস্বামীৰ পৰিচালনাত এখন আলেখ্য উপস্থাপন কৰা হয়। নদুৱাৰ সংগীত বিদ্যাপীঠৰ দ্বাৰা অসমৰ ইতিহাসৰ সাহস, ত্যাগ আৰু দেশপ্ৰেমৰ চেতনাক প্ৰতিফলিত কৰি বীৰাংগনা মূলা গাভৰুৰ জীৱন আৰু বীৰত্বৰ আধাৰত এক নৃত্য প্ৰদৰ্শনো অনুষ্ঠিত হয়। ছাত্ৰ-ছাত্ৰী আৰু শিল্পীসকলে দেশপ্ৰেমমূলক গীত আৰু অন্যান্য নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটোৰ স্মৰণীয় পৰিৱেশ অধিক সমৃদ্ধ কৰে।
চতিয়া আৰক্ষী থানাৰ ঐতিহ্য ভৱনতো অনুৰূপ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়, য’ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, স্থানীয় নাগৰিক আৰু স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালৰ সদস্যসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। ইয়াৰোপৰি আনুষ্ঠানিক কাৰ্যসূচীৰ অন্তত মাননীয় মন্ত্ৰী গৰাকীয়ে মাননীয় স্থানীয় বিধায়কৰ সৈতে ঐতিহাসিক চতিয়া থানা (সংৰক্ষিত) পৰিদৰ্শন কৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নদুৱাৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী পদ্ম হাজৰিকাৰ নেতৃত্ব আৰু প্ৰচেষ্টাত, নদুৱাৰৰ ৰাইজৰ সহযোগিতা আৰু অংশগ্ৰহণেৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামত চতিয়াৰ অৱদানৰ ঐতিহাসিক ঐতিহ্য সোঁৱৰণ আৰু সংৰক্ষণৰ উদ্দেশ্যে চতিয়া দিৱসৰ আয়োজন কৰা হয়।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ