গৌৰীপুৰত ৰেল বিভাগে পথ বন্ধ কৰাৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ
ধুবুৰী, ২০ আগষ্ট (হি.স.)।গৌৰীপুৰ দুমৰদাহ মধুশৌলমাৰীত ৰেল বিভাগে পথ বন্ধ কৰাৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ। পথ বন্ধ কৰাৰ বিৰোধিতাৰে শ শ ৰাইজ ,স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত লাগি মধুশৌলমাৰী ১ম
গৌৰীপুৰত ৰেল বিভাগে পথ বন্ধ কৰাৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ


ধুবুৰী, ২০ আগষ্ট (হি.স.)।গৌৰীপুৰ দুমৰদাহ মধুশৌলমাৰীত ৰেল বিভাগে পথ বন্ধ কৰাৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ। পথ বন্ধ কৰাৰ বিৰোধিতাৰে শ শ ৰাইজ ,স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত লাগি মধুশৌলমাৰী ১ম খণ্ডত ৰেল কৰ্মচাৰী উপস্থিত হৈ পথটো বন্ধ কৰিৰ খোজাত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।

পথছোৱাৰে পাঁচখন গাঁৱৰ প্ৰায় ১০ হাজাৰ ৰাইজৰ যাতায়ত কৰি আহিছে, যদিও হঠাৎ ৰেল বিভাগে পথ চোৱা বন্ধ কৰি দিলে বিভিন্ন অসুবিধাৰ সন্মুখীন হব।

এই মূল পথটোতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰতিদিনে বিভিন্ন বেমাৰী ৰোগী সকল অহা যোৱা কৰি আহিছে। স্থানীয় ৰাইজৰ দাবী এই পথচোৱা বন্ধ নকৰি ৰেল গেট দি যাতায়তৰ ব্যৱস্থা কৰি দিব লাগে নহলে বিকল্প এটা পথ অহা যোৱাৰ কাৰণে ব্যৱস্থা কৰি দিয়াৰ চৰকাৰক দাবী জনায়। বেলেগ পথৰ ব্যৱস্থা কৰি দিলে অন্যথা প্ৰতিবাদ চলি থাকিব বুলি ৰাইজে হুংকাৰ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande