
মানকাচাৰ, ২০ আগষ্ট (হি.স.)। মানকাচাৰৰ অসম মেঘালয়ৰ সীমান্তৰ পুঠিমাৰীত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।
দলঙ ভাঙি পিক আপ বাহনৰ ক্ষতিগ্ৰস্ত। কোনোমতে প্ৰাণ ৰক্ষা চালক আৰু হেণ্ডিমেনৰ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তৰ চেঙাবেঙা মন্দিৰৰ কাষত থকা কাঠৰ দলঙেৰে পিক আপ বাহন এখন গৈ থকা অৱস্থাত হঠাৎ দলঙখন ভাঙি বাহন খন তলত পৰে।
অৱশ্যে বাহন খনৰ চালক আৰু হেণ্ডিমেনে কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে কাঠৰ দলঙ খন বহু পুৰণি জৰাজীৰ্ণ হোৱাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হব পালে বুলি জিলা যানবাহন আৰক্ষী সংবাদ মাধ্য়মত উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা