ধুবুৰী চহৰৰ সমীপৱৰ্তী অঞ্চলত তীব্ৰ গৰা খহনীয়া আৰম্ভ
ধুবুৰী, ২০ আগষ্ট (হি.স.)। টিপকাই নৈৰ বাঢ়নী পানীয়ে গদাধৰ নৈত খুন্দা মাৰি ধুবুৰী চহৰৰ সমীপৱৰ্তী অঞ্চলত তীব্ৰ গৰা খহনীয়া আৰম্ভ । স্থানীয় ৰাইজে দান বৰঙণি তুলি বাঁহেৰে গৰা খহনীয়া প্ৰতিৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সঁহাৰি পোৱা নাই জিলা প্ৰশাসন তথ
ধুবুৰী চহৰৰ সমীপৱৰ্তী অঞ্চলত তীব্ৰ গৰা খহনীয়া আৰম্ভ


ধুবুৰী, ২০ আগষ্ট (হি.স.)। টিপকাই নৈৰ বাঢ়নী পানীয়ে গদাধৰ নৈত খুন্দা মাৰি ধুবুৰী চহৰৰ সমীপৱৰ্তী অঞ্চলত তীব্ৰ গৰা খহনীয়া আৰম্ভ ।

স্থানীয় ৰাইজে দান বৰঙণি তুলি বাঁহেৰে গৰা খহনীয়া প্ৰতিৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সঁহাৰি পোৱা নাই জিলা প্ৰশাসন তথা কোনো এজন জন প্ৰতিনিধিৰ।

ধুবুৰী চহৰৰ পাশ্বৱৰ্তী ফলিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ধুবুৰীৰ চৰত প্ৰবল গৰা খহনীয়াই চিন্তিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক।

গদাধৰ নৈৰ সংলগ্ন ধুবুৰীৰ চৰৰ বিপৰীতে ধুবুৰী চহৰ।

উক্ত গড়া খহনীয়াই যদি ভয়ংকৰ ৰূপ লয় তেনেহলে ধুবুৰী চহৰ খনত এক আতংকময় পৰিস্থিতিৰ যে সৃষ্টি নহব তাক নুই কৰিব নোৱাৰি।

স্থানীয় ৰাইজে বাৰম্বাৰ জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিক অৱগত কৰাৰ পাছতো মাত্ৰ কেইটামান জিও বেগ দি নিজৰ দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰে।

সংবাদ মাধ্যমৰ জৰিয়তে জিলা প্ৰশাসন তথা জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসমৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান অনতিপলমে এই গৰা খহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা নকৰিলে উক্ত সমস্যাই ভয়ংকৰ হ'ব পাৰে বুলি অৱগত কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande