

তামুলপুৰ, ২০ আগষ্ট (হি.স.)। তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈজনাথ বাছফৰৰ সভাপতিত্বত চাফাই কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা, কল্যাণমূলক আঁচনিৰ ৰূপায়ণ আদি সন্দৰ্ভত এখন বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভা খনত জিলা প্ৰশাসনৰ বিষয়াৰ উপৰি তামুলপুৰ জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগতে জিলাখনৰ চাফাই কৰ্মচাৰী সকল উপস্থিত থাকে।
সভাত চাফাই কৰ্মচাৰী সকলৰ কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু অসুবিধাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। বিশেষকৈ কৰ্মচাৰী সকলে লাভ কৰিবলগীয়া চৰকাৰী সুবিধা, সামাজিক সুৰক্ষা আৰু কল্যাণমূলক আঁচনিৰ সুবিধা সঠিকভাৱে লাভ কৰিছে নে নাই, সেই বিষয়েও সংশ্লিষ্ট বিভাগীয় মুৰব্বী সকলৰ সৈতে পৰ্যালোচনা কৰা হয়। মহিলা চাফাই কৰ্মচাৰী সকল যৌন আতিশয্যাৰ সন্মুখীন হ'লে কি কৰিব লাগিব, এই সম্পৰ্কেও অধ্যক্ষ গৰাকীয়ে আলোচনা কৰে।
ইয়াৰ লগতে চাফাই কৰ্মচাৰী সকলৰ প্ৰাপ্য অধিকাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সমূহৰ বিষয়েও আলোচনা কৰা হয়। অধ্যক্ষ গৰাকীয়ে চাফাই কৰ্মচাৰী সকলৰ সমস্যা আৰু দাবী সমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰি সংশ্লিষ্ট বিভাগ সমূহক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে দিহা-পৰামৰ্শ আগবঢ়ায়। জিলা খনত জনসংখ্যা অনুপাতে চাফাই কৰ্মচাৰী যথেষ্ট কম।
গতিকে অনতিপলমে পৰ্যাপ্ত চাফাই কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হয়। তেওঁলোকৰ দৰমহা প্ৰতিমাহৰ ৭ তাৰিখৰ ভিতৰত প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিয়া হয়। আনহাতে চাফাই কৰ্মচাৰী সকলৰ ক'লনী তথা থকাৰ সুব্যৱস্থা কৰিবলৈও অধ্যক্ষ গৰাকীয়ে বিষয়া সকলক আহ্বান জনায়।
তামুলপুৰ চহৰৰ ঘগ্ৰা চ'কৰ নদীত স্থানীয় ব্যৱসায়ীয়ে জাবৰ পেলাই পৰিৱেশ নষ্ট কৰা সন্দৰ্ভত তেওঁ পৌৰনিগমক এনে কাৰ্যৰ বিৰুদ্ধে দহ হাজাৰ টকালৈ ফাইনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। সভাখনৰ জৰিয়তে জিলাখনৰ চাফাই কৰ্মচাৰীসকলৰ কল্যাণ, অধিকাৰ আৰু কৰ্মক্ষেত্ৰৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহৰ মাজত অধিক সমন্বয় গঢ়ি তোলাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয় বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ