ৰঙিয়া সমজিলাৰ অন্তৰ্গত নিজ বড়িগোগ গাঁৱৰ একেটা পৰিয়ালৰ তিনিজনকৈ লোক সন্ধানহীন
কামৰূপ, ২০ আগষ্ট (হি.স.)। ৰঙিয়া সমজিলাৰ অন্তৰ্গত নিজ বড়িগোগ গাঁৱৰ একেটা পৰিয়ালৰ তিনিজনকৈ লোক যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে । পত্নী মাজনী বেগমে দুই সন্তান ক্ৰমে ফাতেমা আখতাৰা আৰু আৰিয়ান আহমেদৰ সৈতে ৰঙিয়া চেপ্তিস্থিত বাইদেউৱেকৰ ঘৰলৈ যাম বুল
ৰঙিয়া সমজিলাৰ অন্তৰ্গত নিজ বড়িগোগ গাঁৱৰ একেটা পৰিয়ালৰ তিনিজনকৈ লোক সন্ধানহীন


কামৰূপ, ২০ আগষ্ট (হি.স.)। ৰঙিয়া সমজিলাৰ অন্তৰ্গত নিজ বড়িগোগ গাঁৱৰ একেটা পৰিয়ালৰ তিনিজনকৈ লোক যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে । পত্নী মাজনী বেগমে দুই সন্তান ক্ৰমে ফাতেমা আখতাৰা আৰু আৰিয়ান আহমেদৰ সৈতে ৰঙিয়া চেপ্তিস্থিত বাইদেউৱেকৰ ঘৰলৈ যাম বুলি ওলাই গৈছিল সোমবাৰে দিনৰ ভাগত । পৰৱৰ্তী সময়ত নিজ বাইদেউক আচমা বেগম আৰু আচমা বেগমৰ পুত্ৰ মোজাক্কিৰ আহমেদক লৈ বাইদেউকৰ ঘৰৰ পৰা ৰঙিয়াৰ এখন চৰকাৰী চিকিৎসালয়লৈ যাম বুলি ওলাই গৈছিল। কিন্তু সেই যোৱা দিন ধৰি আজিলৈ কোনো ধৰণৰ সন্ধান নাই আটাইকেইগৰাকী লোকৰ।

পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰে যদিও আজিলৈ কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই লোককেইজনৰ । উপায়ান্তৰ হৈ বৰ্তমান মাজনী বেগমৰ পৰিয়ালে ৰঙিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। এইফালে বায়েক আচমা বেগমৰ ওপৰত সন্দেহ মাজনী বেগমৰ পৰিয়ালৰ । টকাৰ বাবে বায়েক আচমা বেগমে এনেধৰণৰ কাৰ্য্য সংঘটিত কৰাৰ সন্দেহ কৰিছে পৰিয়াল তথা স্থানীয় লোকসকলে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande