প্ৰধানমন্ত্ৰী মোদীৰ জন্ম বাৰ্ষিকীত ৰাজীৱ গান্ধীৰ স্মৰণ, পৰিয়ালৰ সদস্যকে ধৰি অন্যান্যসকলে শ্ৰদ্ধাঞ্জলি
নতুন দিল্লী, ২০ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক জন্ম বাৰ্ষিকীত স্মৰণ কৰে। তেওঁ এক্সত লিখিছে, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি। কংগ্ৰেছ নেত্
प्रधानमंत्री नरेन्द्र मोदी की एक्स पोस्ट।


নতুন দিল্লী, ২০ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক জন্ম বাৰ্ষিকীত স্মৰণ কৰে। তেওঁ এক্সত লিখিছে, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি।

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ লগতে প্ৰয়াত নেতাগৰাকীৰ পৰিয়ালে ৰাজীৱ গান্ধীৰ স্মৃতিসৌধ বীৰ ভূমিত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায়। লোকসভাৰ অধ্যক্ষ আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়েও ৰাজীৱ গান্ধীক স্মৰণ কৰে।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ সৈতে বীৰ ভূমিত উপস্থিত হোৱা ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু তেওঁৰ স্বামী ৰবাৰ্ট ভাদ্ৰাই ৰাজীৱ গান্ধীক পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এক্সত লিখিছে, প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীৰ জন্ম বাৰ্ষিকীত মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্সত লিখিছে, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছো। ভাৰতৰ উন্নয়ন যাত্ৰাতো তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম বাৰ্ষিকী সদভাৱনা দিৱস হিচাপে পালন কৰা হয়। ৪০ বছৰ বয়সত তেওঁ প্ৰধানমন্ত্ৰী হয়। ১৯৪৪ চনৰ ২০ আগষ্টত বম্বে (বৰ্তমান মুম্বাই)ত জন্মগ্ৰহণ কৰিছিল ৰাজীৱ গান্ধীয়ে। ১৯৮৪ চনৰ ৩১ অক্টোবৰত মাতৃ ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত তেওঁ কংগ্ৰেছৰ সভাপতি আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী হয়। ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈ ৰাজীৱে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande