আৰ এছ এছৰ সমন্বয় সভাত লোকপিয়লত ধৰ্মৰ উল্লেখ
- জনসংখ্যাৰ ভাৰসাম্যহীনতা, ড্ৰাগছ আসক্তি, যুৱক-যুৱতীৰ সজাগতা, আৰু পঞ্চ পৰিৱৰ্তনৰ ওপৰতো চৰ্চা বিশাখাপট্টনম, ২০ আগষ্ট (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ্বভাৰতীয় সমন্বয় বৈঠকৰ দ্বিতীয় দিনা বৃহস্পতিবাৰে জনসংখ্যাৰ ভাৰসাম্যহীনতাৰ বিষয়টোৰ ওপৰত গুৰ
संघाच्या विशाखापट्टनम येथील बैठकीचे छायाचित्र


- জনসংখ্যাৰ ভাৰসাম্যহীনতা, ড্ৰাগছ আসক্তি, যুৱক-যুৱতীৰ সজাগতা, আৰু পঞ্চ পৰিৱৰ্তনৰ ওপৰতো চৰ্চা

বিশাখাপট্টনম, ২০ আগষ্ট (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ্বভাৰতীয় সমন্বয় বৈঠকৰ দ্বিতীয় দিনা বৃহস্পতিবাৰে জনসংখ্যাৰ ভাৰসাম্যহীনতাৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনম জিলাৰ গুডিলোভাত অনুষ্ঠিত হোৱা তিনিদিনীয়া বৈঠকত আগন্তুক লোকপিয়লত ধৰ্মৰ অন্তৰ্ভুক্তি আৰু ইয়াৰ জৰিয়তে দেশৰ ধৰ্মীয় জনসাধাৰণৰ প্ৰকৃত মৰ্যাদা উদঙাই দিয়াৰ সম্ভাৱনীয়তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। সূত্ৰই এই তথ্য প্ৰদান কৰিছে।

সভাৰ প্রথম দিনা অৰ্থাৎ বুধবাৰে সংঘ পৰিয়ালৰ বিভিন্ন সংগঠনৰ বছৰটোৰ কাম-কাজৰ পর্যালোচনা কৰা হয়৷ আগন্তুক সময়ছোৱাৰ পৰিকল্পনা, বিভিন্ন কাম-কাজৰ সমন্বয়, সামাজিক বিষয় আদিৰ ওপৰতো আলোচনা কৰা হয়। বৈঠকৰ সময়ত দেশৰ বিভিন্ন ৰাজ্যৰ জনসংখ্যাৰ গাঁথনিৰ পৰিৱৰ্তন, ইয়াৰ কাৰণ, সামাজিক প্ৰভাৱ আদিৰ ওপৰত প্ৰাথমিক আলোচনাত গুৰুত্ব আৰোপ কৰা হয়। এই বিষয়ক লৈ বৃহস্পতিবাৰে বিতং আলোচনা কৰা হয়।

সভাত বিশ্ব হিন্দু পৰিষদকে ধৰি সংঘ পৰিভাৰৰ ভিতৰৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে জনসংখ্যা পৰিৱৰ্তন সন্দৰ্ভত তেওঁলোকৰ অভিজ্ঞতা ব্যক্ত কৰে। জনসংখ্যাৰ ভাৰসাম্যহীনতাৰ বিষয়টো আলোচনাৰ এটা মূল বিষয় আছিল। পৰিৱৰ্তিত জনসংখ্যাৰ গাঁথনিৰ পোহৰত দীৰ্ঘম্যাদী ৰাষ্ট্ৰীয় নীতিৰ দৃষ্টিকোণৰ পৰাও প্ৰয়োজনীয় ব্যৱস্থাসমূহ বিবেচনা কৰা হৈছিল।

ইতিমধ্যে চৰকাৰে ২০২৭ চনৰ লোকপিয়লৰ বাবে ৪০টা প্ৰশ্নৰ তালিকা প্ৰকাশ কৰিছে। লোকপিয়লত নাগৰিকৰ পৰা তেওঁলোকৰ ধৰ্ম সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিলে দেশৰ বিভিন্ন ধৰ্মৰ অনুগামীৰ সংখ্যা আৰু মুঠ জনসংখ্যাৰ অনুপাতৰ কৰ্তৃত্বশীল আৰু সঠিক তথ্য প্ৰদান কৰাত সহায়ক হ’ব। এই দৃষ্টিকোণৰ পৰা সভাই ধৰ্মীয় তথ্য অন্তৰ্ভুক্তিৰ সমৰ্থন কৰে।

একাংশ প্ৰতিনিধিয়ে কয় যে ধৰ্মান্তৰিত হোৱাৰ পিছতো বহুতে নিজৰ পৰম্পৰাগত ভাৰতীয় নাম ধৰি ৰাখে। সেয়ে কোনো ব্যক্তিৰ নামৰ ওপৰত ভিত্তি কৰি তেওঁৰ ধৰ্মান্তৰকৰণ নিৰ্ণয় কৰাটো অসম্ভৱ। গতিকে লোকপিয়লত ধৰ্ম সম্পৰ্কীয় সুকীয়া তথ্য লিপিবদ্ধ কৰিলে দেশৰ ধৰ্মীয় জনসংখ্যাৰ প্ৰকৃত স্থিতি অধিক স্পষ্টকৈ দেখা যাব। সূত্ৰ অনুসৰি বিশ্ব হিন্দু পৰিষদৰ প্ৰতিনিধিয়ে লোকপিয়লত ধৰ্মীয় তথ্য সংগ্ৰহৰ সিদ্ধান্তক আদৰণি জনাইছে।

জনসংখ্যাৰ ভাৰসাম্যহীনতাৰ উপৰিও ড্ৰাগছ নিচা, যুৱক-যুৱতীসকলৰ মাজত সামাজিক সচেতনতা, পঞ্চ পৰিৱৰ্তন, আৰু ভাৰতীয় উন্নয়নৰ ধাৰণা আদি বিষয়ৰ ওপৰতো বৈঠকত আলোচনা কৰা হয়।

ইউএছচিআইআৰএফৰ ভূমিকা সম্পৰ্কেও আলোচনা কৰা হয়। ইফালে, আমেৰিকাত ধৰ্মীয় স্বাধীনতাৰ বিষয়ত কাম কৰা আমেৰিকাৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা আয়োগৰ বিষয়াসকলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছে। আৰ এছ এছৰ নেতাসকলক কূটনৈতিক সন্মান অস্বীকাৰ কৰিবলৈ আৰু তেওঁলোকৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলৈও আমেৰিকা চৰকাৰক আহ্বান জনাইছে।

২৯ আগষ্টৰ পৰা আৰম্ভ হোৱা সৰসংঘচালক মোহন ভাগৱতৰ পৰিকল্পিত আমেৰিকা ভ্ৰমণৰ পিছতে ইউ এছ চি আই আৰ এফৰ এই বক্তব্যৰ প্ৰতি সঁহাৰি জনাব নে নহয় সেই সম্পৰ্কে আৰ এছ এছৰ ভিতৰত আলোচনা চলি আছে। সূত্ৰ অনুসৰি, সমন্বয় বৈঠকৰ অন্তত এই বিষয়ত আৰ এছ এছৰ আনুষ্ঠানিক সঁহাৰি পোৱাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande