
নলবাৰী, ২০ আগষ্ট (হি.স.): নলবাৰীৰ নাকেৰবাৰীত যোৱা কালি বুধবাৰে সন্ধিয়া এক পথ দূৰ্ঘটনা সংঘটিত হয় ৷ এই ঘটনাত থিতাতে নিহত হয় এগৰাকী কলেজীয়া ছাত্ৰী ৷ লগতে গুৰুতৰভাৱে আহত হয় আন এগৰাকী ছাত্ৰী।
নিহত ছাত্ৰী গৰাকীৰ নাম অংকিতা ডেকা বুলি জানিব পৰা গৈছে ৷ সংকটজনক অৱস্থাত নলবাৰীৰ সাৰথি হস্পিতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে আনগৰাকী ছাত্ৰী ববিতা বৈশ্য ৷
টিহু কলেজৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী দুয়োগৰাকী স্কুটী আৰোহী আছিল ৷ কলেজৰ পৰা ঘৰলৈ ওভতাৰ পথত পথৰ ওপৰত পৰি থকা গছত খুন্দা লাগি সংঘটিত হয় দূৰ্ঘটনাটো ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ