লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা
লামডিংত ভয়ংকৰ পথ দুৰ্ঘটনা।
লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা


হোজাই, ২০ আগষ্ট (হি.স.): হোজাই জিলাৰ লামডিঙত যোৱাকালি বুধবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । লামডিঙৰ পৰা ডিফু অভিমুখে গৈ থকা অৱস্থাত দূঘটনাত পতিত হয় এখন স্কুটী ।

জানিব পৰা মতে, স্কুটিৰ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা গ্ৰস্ত স্কুটিৰখনৰ নম্বৰ এএছ ৩১ এফ ৪৯১৮ বুলি জনা গৈছে । আঘাত প্ৰাপ্ত লোকজনক প্ৰাথমিক চিকিৎসা বাবে লামডিং অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও আঘাত গুৰুত্ব হোৱাত আহত ব্যক্তিজনক ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande